দুলীয়াজান:এগৰাকী নৱ বিবাহিতা বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি দুলীয়াজান থানা চৌহদত উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয়। ৰাইজে দোষীৰ বিৰুদ্ধে উচিত শাস্তি বিচাৰি ঘেৰাও কৰে থানা।
এই ঘটনা সংক্ৰান্তত স্বামীয়ে পৰিকল্পিতভাৱে পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। জানিবলৈ দিয়া মতে, নাহৰকটীয়া পুৰণি কৈৱৰ্ত গাঁৱৰ যুৱতী পুষ্পা দাস (১৯) যোৱা ১৩ জানুৱাৰীত দুলীয়াজান ভাদৈ পাঁচআলি এৰাপথাৰ গাঁৱৰ দীপজ্যোতি গগৈ (২১)ৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।
প্ৰেমজনিত পৰিণতিত বিবাহপাশত আবদ্ধ হোৱাৰ সম্পূৰ্ণ এমাহৰ দিনাই চিপ লৈ আত্মহত্যা কৰাৰ অভিযোগ স্বামী পৰিয়ালৰ লোকৰ। ইফালে নৱবিবাহিতাৰ মাতৃগৃহৰ পৰিয়ালে আত্মহত্যাৰ ঘটনাটোক অস্বীকাৰ কৰিছে।
ইতিমধ্যে ঘটনা সংক্ৰান্তত দুলীয়াজান আৰক্ষীয়ে গোচৰৰ ভিত্তিত অভিযুক্ত স্বামী দীপজ্যোতি গগৈ আৰু স্বামীৰ জ্যেষ্ঠ ভগ্নী সংগীতা গগৈক গ্ৰেপ্তাৰ কৰি আজি জে’ললৈ প্ৰেৰণ কৰে।