'কা' বাতিলৰ দাবীত পাঠশালাত প্ৰতিবাদ

পাঠশালা– ‘কা’ বিৰোধী আন্দোলনৰ প্ৰতিবাদত পুনৰ ৰাজপথত নামিল দল-সংগঠন। বজালীৰ পাঠশালাৰ আজাদ ভৱনত ‘কা’ আন্দোলনত শ্বহীদ হোৱা পাঁচ জনকৈ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাই আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বজালী জিলা সমিতিৰ উদ্যোগত তীব্ৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।

এই কাৰ্যসূচীত ‘কা’ আন্দোলনত শ্বহীদ হোৱা আব্দুল আলীমৰ পৰিয়ালবৰ্গও উপস্থিত থাকে। ‘কোনো কাৰণতে জাতিধ্বংসী আইনখন মানি লোৱা নহ’ব, শ্বহীদৰ কেঁচা তেজ অথলে যাবলৈ দিয়া নহ’ব বুলি প্ৰতিবাদীকাৰী সকলে মন্তব্য় কৰে।

অনাগত দিনত কা বিৰোধী আন্দোলন অধিক তীব্ৰ ভাৱে চলাই নিয়াৰ হুংকাৰ দিয়ে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দলটোৱে। লগতে অখিল গগৈক মুক্তিৰ দাবী জনাই অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,878 other subscribers

Leave a comment

Leave a Reply