গুৱাহাটী – গুৱাহাটীৰ জালুকবাৰী আৰক্ষীৰ অন্তর্গত পাণ্ডুত পৰহি নিশা এটা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়৷ অগ্নিকাণ্ডত ১১খন দোকান সম্পূর্ণৰূপে জুইত জাহ যায়৷ অগ্নিনির্বাপক বাহিনীৰ সূত্রই প্রকাশ কৰা মতে, ঘটনাৰ নিশা প্রায় ১২ বজাত পাণ্ডু ৰে’লৱে বজাৰৰ মাজৰ এটা অংশত হঠাৎ জুই লাগি গেলামাল, পাণ দোকান, জুৱেলাৰী, ষ্টেশ্যনাৰীকে ধৰি মুঠ ১১খন দোকানৰ সা-সামগ্রী সম্পূর্ণ ৰূপে ভস্মীভূত হয়৷

প্রথম অৱস্থাত এটা অংশত জুই লাগিছিল যদিও এখন দোকানৰ ভিতৰত থকা দুটাকৈ কেৰাচিনৰ ডাঙৰ ড্রাম বিস্ফোৰণ হোৱাত জুইৰ লেলিহান শিখা আটাইকেইখন দোকানলৈ বিয়পি পৰি দোকানকেইখন ভস্মীভূত হয়৷ নিশা প্রায় ১২-৩০ বজাত ঘটনাৰ খবৰ পোৱাৰ পিছতে অগ্নিনির্বাপক বাহিনীৰ দিছপুৰ, চানমাৰি, পাণ্ডু, লখৰা, মির্জা, উত্তৰ গুৱাহাটীৰ পৰা মুঠ ১২খনকৈ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়৷

অগ্নিকাণ্ডৰ সূত্রপাত কেনেকৈ আৰু কোনখন দোকানৰ পৰা আৰম্ভ হৈছে এতিয়ালৈ জানিব পৰা হোৱা নাই৷ এই অগ্নিকাণ্ডত প্রায় এক কোটি টকাৰ সা-সামগ্রীৰ ক্ষয়-ক্ষতি হয় যদিও কোনো লোক হতাহত হোৱা নাই৷

আনহাতে স্থানীয় লোকে অভিযোগ কৰা অনুসৰি অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ বহু পলমকৈ অগ্নিনির্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হয়৷ যাৰ বাবে আটাইকেইখন দোকান সম্পূর্ণৰূপে জ্বলি শেষ হয়৷ লগতে অগ্নিকাণ্ডটো শ্বর্ট চার্কিটৰ ফলতে হয় বুলি একাংশ লোকে মত প্রকাশ কৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply