চোৰাং চিকাৰীৰ কবলৰ পৰা উদ্ধাৰ তিনিটা কাম চৰাই

নগাঁও- নগাঁও জিলাৰ অগ্ৰনী প্ৰকৃতিপ্ৰেমী স্বেচ্ছাসেৱী সংস্থা তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ উদ্যোগত সোমবাৰে নগাঁও জিলাৰ ধিং গাঁৱৰ পৰা তিনিটাকৈ কাম চৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, শীতৰ আগমনৰ লগে- লগেই নগাঁও জিলাৰ উত্তৰ – পশ্চিম প্ৰান্তৰ জলাশয় সমূহত নানান প্ৰজাতিৰ ৰংচঙীয়া পক্ষীৰ আগমনে এক অনন্য পৰিবেশৰ সৃষ্টি হয়। যাৰ সুযোগ লৈ এচাম দুষ্ট চক্ৰই নানান কৌশলেৰে পক্ষীবোৰ নিধন কৰি ইয়াৰ ৰমৰমীয়া বেহা চলাই আহিছে ।

প্ৰকৃতিপ্ৰেমী স্বেচ্ছাসেৱী সংস্থা তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ একান্ত প্ৰচেষ্টাত সোমবাৰে ধিং গাঁৱৰ পৰা উদ্ধাৰ কৰা তিনিটা কাম চৰাই বন বিভাগৰ সহযোগত লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত মুকলি কৰি দিয়ে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply