প্ৰণৱ মুখাৰ্জীৰ পুত্ৰ কন্যাৰ সংঘাত

নিউজ ডেস্ক– প্ৰাক্তণ ৰাষ্ট্ৰপতি প্ৰয়াত প্ৰণৱ মুখাৰ্জীৰ অন্তিম অপ্ৰকাশিত গ্ৰন্থ ‘দা প্ৰেছিডেন্সিয়েল ইয়েৰছ’ প্ৰকাশ কৰিবনে নাই যদি কৰে কেনেদৰে কৰিব সেই লৈ সংঘাত আৰম্ভ হৈছে প্ৰাক্তণ ৰাষ্ট্ৰপতি জনৰ পুত্ৰ অভিজিত মুখাৰ্জী আৰু কন্যা শৰ্মিষ্ঠা মুখাৰ্জীৰ মাজত। কন্যা শৰ্মিষ্ঠাৰ মতে দেউতাকে অন্তিম সময়লৈকে এই গ্ৰন্থখনৰ বাবে কাম কৰি প্ৰকাশৰ বাবে সাজু কৰিছিল |

দেউতাকৰ অন্তিম ইচ্ছাও আছিল গ্ৰন্থখন প্ৰকাশ হোৱাতো, সেইবাবে এই ক্ষেত্ৰত কোনো বাধাৰ কাৰক হব নালাগে | ইয়াৰ বিপৰীতে পুত্ৰ অভিজিতৰ মতে তেওৰ লিখিত অনুমতি নাপালে ইয়াক প্ৰকাশ নকৰিবলৈ প্ৰকাশক গোষ্ঠীক স্পষ্ট কৰি দিছে | উল্লেখ্য যে উক্ত গ্ৰন্থ খনত ছোনীয়া গান্ধী আৰু মনমোহন সিং সম্পৰ্কে আপত্তিজনক লেখা আছে | প্ৰকাশকে কিতাপখনৰ সম্পৰ্কে এক বিবৃতি দিয়াৰ পিছতেই পুত্ৰ অভিজিতে গ্ৰন্থখনৰ বিষয়বস্তু ভালকৈ অধ্যয়ন কৰিবলৈ বিচৰা বুলি টুইট কৰি তেও লিখিত অনুমতি নহলে প্ৰকাশ নকৰিবলৈ জনাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply