গুৱাহাটী – ৰাজ্যৰ পৰ্যটন পৰ্যটনস্থলী সমূহ সংৰক্ষণৰ ক্ষেত্ৰত বিফল হৈছে নেকি চৰকাৰ ? অসমৰ বনাঞ্চল আৰু বন্যপ্ৰাণী সমূহৰ ওপৰত নিৰ্ভৰ কৰিয়ে পৰ্যটন উদ্যোগ আগুৱাই নিয়া সম্ভন নে ? চৰকাৰৰ অৱহেলাৰ ফলত ধ্বংসৰ দিশে ৰাজ্যৰ বহু ঐতিহাসিক সমল। বিপদত ৰাজ্যৰ একমাত্ৰ ৰামচাৰ ছাইট।

ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত পৰ্যটন উদ্যোগৰ অৰিহণা অতিকৈ গুৰুত্বপূৰ্ণ। পৰ্যটন উদ্যোগখনৰ পৰা প্ৰতি বছৰে চৰকাৰে সংগ্ৰহ কৰে এক বৃহৎ পৰিমাণৰ ৰাজহ। চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰা ৰাজ্য পৰ্যটন উদ্যোগখনৰ মেৰুদণ্ড হৈছে অসমৰ মনোমোহা প্ৰকৃতিক পৰিৱেশ, বনাঞ্চল, বন্যপ্ৰাণী আৰু ঐতিহাসিক সমল সমূহ। অতিকৈ পৰিতাপৰ বিষয় চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰা পৰ্যটন উদ্যোগখনৰ মেৰুদণ্ড স্বৰূপ ৰাজ্যৰ ঐতিহাসিক সমল সমূহ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাটো।

চৰকাৰৰ অৱহেলাৰ ফলতে ক্ৰমাৎ ধ্বংসৰ দিশে ৰাজ্যৰ বহু ঐতিহাসিক সমল। চৰকাৰৰ গুৰুত্ব লাভ নকৰা ৰাজ্য এই সমল সমূহৰ ভিতৰত অন্যতম হৈছে গুৱাহাটী মহানগৰীত মহাবহু ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ‘গেটৱে অব্ আছাম’ আৰু মহানগৰীতে থকা ৰাজ্যৰ একমাত্ৰ ৰামচাৰ ছাইট ‘দীপৰ বিল’। অসম ভ্ৰমণলৈ অহা ব্ৰিটিছ ভাইছৰয় লৰ্ড নৰ্থ ব্ৰুকক আদৰিবলৈ ১৮৭৪ চনত ব্ৰহ্মপুত্ৰৰ পাৰত নিৰ্মাণ কৰা হৈছে ‘গেটৱে অব্ আছাম’।

ডেৰশ বছৰ পূৰ্বে নিৰ্মাণ কৰা ‘গেটৱে অব্ আছাম’ চৰকাৰৰ অৱহেলাৰ ফলত জহি-খহি যাবলৈ ধৰিছে। এটা সময়ত পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ‘গেটৱে অব্ আছাম’ গেটক পুনৰ নির্মাণ কৰি সজাই পৰাই তোলা হৈছিল যদিও বৰ্তমান ‘গেটৱে অব্ আছাম’ৰ লগত উদ্যোনখনৰ অৱস্থা অতিকৈ জৰাজীৰ্ণ। উদ্যানখনত পৰ্যটক সকলে জিৰণি লোৱা চকী সমূহৰ লগতে অন্যান্য সামগ্ৰী সমূহ জহি খহি নিঃশেষ হোৱাৰ পথত। একে অৱস্থা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা অন্যান্য উদ্যান সমূহৰ।

ইফালে বিভিন্ন ঘৰুৱা চৰাইৰ লগতে শীতৰ সময়ত দেশ-বিদেশৰ পৰিভ্ৰমী চৰাইৰ বাসস্থান অসমৰ একমাত্ৰ ৰামচাৰ ছাইট দীপৰ বিল সংৰক্ষণৰ ক্ষেত্ৰতো পৰিলক্ষিত হোৱা নাই চৰকাৰৰ কোনো ধৰণৰ গুৰুত্ব। কংগ্ৰেছ চৰাকৰৰ দিনত অৱহেলিত হৈ অহা দীপৰ বিলৰ ভাগ্য পৰিৱৰ্তনশীল বিজেপি চৰকাৰৰ দিনত পৰিবৰ্তন হোৱাৰ আশা আছিল যদিও এই আশা পূৰ্ণ নহ’ল।

শাসনলৈ অহাৰ পিছত বিজেপি চৰকাৰখনে দীপৰ বিল সংৰক্ষণৰ লগতে দীপৰ বিলক পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ বহু আশ্বাস প্ৰদনা কৰিছিল যদিও বাস্তৱ ক্ষেত্ৰত কিন্তু এই আশ্বাস ৰাজনৈতিক আশ্বাস হৈয়ে থাকিল। বৰাগাঁৱৰ ডাম্পিং গ্ৰুণ্ডৰ পৰা বৈ অহা বিষাক্ত পানীয়ে ইতিমধ্যে দীপৰ বিলৰ পানী প্ৰদূষিত কৰি পেলোৱাৰ পিছত এতিয়া ৰে’ল বিভাগে দীপৰ বিলৰ কাষেৰে নিৰ্মাণ কৰিবলৈ প্ৰস্তুত হোৱা ৰে’ল লাইনক লৈ বিৰোধিতা কৰি আহিছে প্ৰকৃতিপ্ৰেমী একাংশ সংগঠনে।

এতিয়া প্ৰশ্ন হ’ল ৰাজ্যৰ পৰ্যটনস্থলী সমূহৰ লগতে পৰ্যটনস্থলত থকা সমল সমূহ সংৰক্ষণ অবিহনে ৰাজ্যৰ পৰ্যটন উদ্যোগটো আগুৱাই নিয়াটো কিমানদূৰ সম্ভৱ হ’ব। চৰকাৰে পৰ্যটনস্থলী সমূহত থকা সমল সমূহ সংৰক্ষণৰ প্ৰতি সময় থাকোতে যদি গুৰুত্ব প্ৰদান নকৰে তেন্তে অনাগত দিনত ভৱিষ্যত প্ৰজন্ম এই সমূহৰ পৰা বঞ্চিত হোৱাটো প্ৰায় নিশ্চিত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply