গুৱাহাটী – বাঘজানৰ তৈলক্ষেত্ৰত তৈলখাদৰ অগ্নিকাণ্ডৰ তদন্ত অব্যাহত আছে। এই সন্দৰ্ভত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে বাঘজান তৈলক্ষেত্ৰ অবৈধ বুলি ঘোষণা কৰে ।

এ কে গোৱেলৰ নেতৃত্বত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে ২৬ জুনত প্ৰাক্তন ন্যায়াধীশ বি পি কটকীৰ নেতৃত্বত এখন সমিতি গঠন কৰিছিল। উল্লেখ্য যে বাঘজান অগ্নিকাণ্ডৰ সন্দৰ্ভত অইলে কেন্দ্ৰীয় প্ৰদূষণ ব’ৰ্ডৰ নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে কমিটী খনে। কিন্তু অইল ইণ্ডিয়া লিমিটেডে এই অভিযোগ নস্যাৎ কৰে ।

উল্লেখ্য যে ২ মে’ত বাঘজানৰ তৈলক্ষেত্ৰৰ ৫ নং তেলখাদত অগ্নিকাণ্ড সংঘটিত হৈছিল। এই অগ্নিকাণ্ডত ৫৭টা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হৈছিল।লগতে তৈলক্ষেত্ৰৰ সমগ্ৰ অঞ্চলৰ ১০কি.মি পৰ্যন্ত বিস্তৰ ক্ষতি-সাধন হৈছিল।

এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাঁচ মাহ সম্পূৰ্ণ হৈছে ।

এই সমিতিখনে অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডক কেন্দ্ৰীয় প্ৰদূষণ ব’ৰ্ডৰ নিয়ম উলংঘা কৰাৰ অভিযোগত অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে আইনী বিচাৰ চলাবলৈ নিৰ্দেশ দিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply