গুৱাহাটী – সমাগত বিটিচি নির্বাচনক কেন্দ্র কৰি বিটিচিৰ ওদালগুৰি জিলাতো ব্যাপক নির্বাচনী প্রচাৰ অব্যাহত আছে৷ কালি বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে কয় যে বিজেপিয়ে যিমান চেষ্টা কৰিলেও বিটিচি পৰিষদত চৰকাৰ গঠন কৰিব নোৱাৰে৷

মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিটিচি নির্বাচনত ২৫খন হেলিকপ্টাৰেৰে প্রচাৰ চলালেও বি পি এফক ন্যূনতম ২৫খন আসনত জয়লাভৰ পৰা বঞ্চিত কৰিব নোৱাৰে৷ এই দাবী জনাই মহিলাৰীয়ে কয় যে স্বাধীনতাৰ পিছতো বি টি এ ডি অঞ্চলৰ উন্নয়নৰ বাবে কোনো ৰাজনৈতিক দলে গুৰুত্ব নিদিলে৷

বিটিচি চুক্তিৰ পিছত এই অঞ্চলত বি পি এফৰ নেতৃত্বত সামগ্রিকভাৱে ৰাস্তা-ঘাটৰ উন্নয়ন কৰাৰ উপৰি সকলো জাতি-জনগোষ্ঠীৰ হকে উন্নয়নৰ কাম কৰি আহিছে৷ সেয়ে বিটিচিবাসী ৰাইজে বিগত ১৫ বছৰে বি পি এফৰ প্রতি বিশ্বাস প্রদর্শন কৰাৰ দৰে চতুর্থবাৰলৈ বিটিচিত বি পি এফৰ চৰকাৰ গঠন কৰাৰ দিশে আগবাঢ়িছে৷

আন এক প্রসংগত হাগ্রামা মহিলাৰীয়ে কয় যে ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৱে বি টি আৰ চুক্তিত বি টি আৰত বাস কৰা অবড়ো সকলো জাতি- জনগোষ্ঠীৰ লোকক বি টি আৰ এলেকাৰ পৰা উচেছদ কৰাৰ চুক্তি কৰিছে৷

চুক্তিখনত কেৱল বড়োসকলৰ সুৰক্ষা আৰু উন্নয়নৰ কথাহে উল্লেখ আছে৷ সেয়ে বি টি আৰ চুক্তিখনৰ কিছুমান দফা সংশোধনৰ বিষয়ে আপত্তি কৰি অহা বুলি উল্লেখ কৰে৷ তেওঁ ৰাইজক বি টি আৰ চুক্তিখন সঠিকভাৱে অধ্যয়ন কৰাৰ বাবে আহবান জনায়৷ ইয়াৰ বিপৰীতে বিটিচি চুক্তিত সকলো জাতি-জনগোষ্ঠীৰ উন্নয়নৰ কথা, সম অধিকাৰ, সম উন্নয়ন আৰু সকলো জাতিৰ সুৰক্ষাৰ কথা উল্লেখ আছে বুলি প্রকাশ কৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply