শিলচৰৰ বিজয় সংকল্প সমাৰোহত বিজেপি সভাপতি জে পি নাড্ডা

শিলচৰ: শিলচৰৰ বিজয় সংকল্প সমাৰোহত বিজেপি সভাপতি জে পি নাড্ডাৰ বক্তব্যই সকলোৰে চকু কঁপালত তুলিছে | মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিৰ সভাপতিয়ে ক’লে

“ৰাজ্যত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ঘোষণা হৈ গ’ল। আমি এইসকলক জনগোষ্ঠীকৰণ কৰি অন্য জনজাতিৰ সকলৰ অধিকাৰ খৰ্ব কৰা নাই।”

দুদিনীয়া অসম ভ্ৰমণ কাৰ্যসূচীৰে আজি শিলচৰত উপস্থিত হৈ শিলচৰৰ পুলিচ গ্ৰাউণ্ডত আয়োজিত সংকল্প সমাৰোহত অংশ লৈছিল |

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীৰ এই মন্তব্যই সকলো মহলতে খলকনি তুলিছে | বছৰ বছৰ ধৰি অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে আন্দোলন কৰি আহিছে যদিও কোনো এখন চৰকাৰে সমাধান সুত্ৰ উলিয়াব পৰা নাই , এনে অবস্থাত বিজেপি ৰাষ্ট্ৰীয় সভাপতি গৰাকীৰ মন্তব্য চৰ্চা হোৱাতো স্বাভাবিক | ভাষণত কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ বিজেপি সভাপতি গৰাকীয়ে আৰু কয়

“কংগ্ৰেছ চৰকাৰে ইয়াৰ বাবে সাহস কৰা নাছিল। বিজেপিয়ে এই কাম কৰি দেখুৱালে।” লগতে নেতাগৰাকীয়ে কংগ্ৰেছৰ এই কাম কৰাৰ ধৃষ্টতা নাই বুলিও সগৌৰৱে কয়।

শিলচৰৰ বিজয় সংকল্প সমাৰোহত বিজেপি সভাপতি জে পি নাড্ডা

বিজেপি সভাপতি গৰাকীয়ে সংকল্প সমাৰোহত অসমৰ ভাষা সংৰক্ষণ কৰি ৰখাৰ বাবে বিজেপিয়ে দায়িত্ব সহকাৰে কাম কৰি আছে বুলিও কৈ আমি সেয়া কৰিছো বুলি উল্লেখ কৰে ।

”কংগ্ৰেছে অসমৰ বিকাশৰ বাবে ৫০,০০০ কোটি টকা দিয়াৰ বিপৰীতে মোদী চৰকাৰে অসমৰ বিকাশৰ বাবে তিনি লাখ কোটি টকা দিছে” বুলি মন্তব্য কৰে জেপি নাড্ডাই ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply