কোকৰাঝাৰ– বিটিচিৰ আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭.৩০ বজা পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ভোটগ্ৰহণ কেন্দ্ৰত সম্পূৰ্ণ ক’ভিড নীতি-নিয়মৰ মাজেৰে সম্পন্ন হৈছে ভোটদান প্ৰক্ৰিয়া৷ ভোটকেন্দ্ৰত দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে।

পুৱাই আহি প্ৰথমে মন্ত্ৰী চন্দন ব্ৰহ্মই ভোটদান কৰিলে ১৫নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ ৪০৩ নং নীলিবাৰী প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত । সমষ্টিটোত দুই শীৰ্ষ নেতা ক্ৰমে বিপিএফৰ নেতা তথা বিটিচিৰ প্ৰাক্তন অধ্যক্ষ পানীৰাম ব্ৰহ্ম আৰু ইপিপিএলৰ নেতা ৰৌণগৌৰা নাৰ্জাৰী প্ৰতিদ্বন্দ্বিতা কৰিছে৷

আনহাতে কোকৰাঝাৰত ৪৫ নং দেবৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সপত্নীক ভোটদান কৰিলে হাগ্ৰামা মহিলাৰীয়ে ।

আজি কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ১৯টা পৰিষদীয় সমষ্টিত ১০,২৩,৪০৪ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ১১১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য়।

বেলট বাকচত বন্দী হব বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰী, প্ৰাক্তন উপ -মুখ্য় কাৰ্যবাহী খাম্ফা বৰগয়াৰী, বিপিএফৰ জ্য়েষ্ঠ নেতা পানীৰাম ব্ৰহ্ম, ইউ পি পি এলৰ ৰণগৌৰা নাৰ্জাৰী, বি আৰ ফেৰেংগা, মাউথি ব্ৰহ্ম, ৰাজীৱ ব্ৰহ্ম প্ৰমুখ্য় হাইপ্ৰফাইল নেতাৰ ভাগ্য়।

দুয়োখন জিলাৰে ৯৬৭ টা কেন্দ্ৰত চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। কোকৰাঝাৰৰ ৫০৬টা কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। কোকৰাঝাৰত নিৰ্ণয় হ’ব ৭০গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৬,৫৩,৮২৯ গৰাকী ভোটাৰে|আনহাতে চিৰাং জিলাৰ ৭ টা সমষ্টিত ৩৪ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ১০,২২,০২৮ গৰাকী ভোটাৰে |

দুয়োখন জিলাৰে ১৫৭টা ভোটগ্ৰহণ কেন্দ্ৰক অতি স্পৰ্শকাতৰ আৰু ৩৫৭ টা ভোটকেন্দ্ৰক স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে।

আনহাতে আজি চলি থকা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে চিৰাঙত নিৰ্বাচনী হিংসা হোৱাৰ খবৰ আহিছে | চিৰাঙৰ ১৩ নং দত্তপুৰৰ এটা ভোটগ্ৰহন কেন্দ্ৰত ইউ পি পি এল আৰু বি পি এফ কৰ্মীৰ মাজত সংঘাতক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি।

বাকী অঞ্চলবোৰত এতিয়ালৈকে শান্তিপূৰ্ণ ভাৱে চলি আছে ভোটগ্ৰহন। দিনৰ ১২ বজালৈকে ৩৮ শতাংশ ভোটদান সম্পন্ন হৈছে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply