টিয়কত বিধায়ক প্ৰশান্ত ফুকনৰ মন্তব্যত জনতাৰ প্ৰতিবাদ

টীয়ক– মূল্য বৃদ্ধিক লৈ বিজেপি বিধায়ক প্ৰশান্ত ফুকনৰ মন্তব্যত টিয়কত প্ৰতিক্ৰিয়া।হাতে হাতে চাউলৰ টোপোলা লৈ গাঁৱৰ দোকানৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত সাধাৰণ জনতাৰ।

‘বিনামূলীয়া চাউল দোকানত দি লাভ কৰিব মূল্যবান পিঁয়াজ’ বিধায়ক প্ৰশান্ত ফুকনে কৰা এই মন্তব্যত পাছতে শনিবাৰে পুৱা জগদুৱাৰ বাগিচাত গেলামালৰ দোকানত গাঁৱৰ সাধাৰণ জনতাই হাতে হাতে চাউলৰ টোপোলা লৈ বিনিময়ত পিঁয়াজ বিচাৰি অতিষ্ঠ কৰে দোকানীক ।যাৰ ফলত দোকানীয়ে চাউলৰ বিনিময়ত আলু,পিঁয়াজ দিয়াৰ ব্যৱস্থা নাই বুলি প্ৰৱেশদ্বাৰত ওলমাই দিয়ে জাননী ।

প্ৰকৃততে এয়া সাধাৰণ ৰাইজৰ এক প্ৰতিবাদ। বিজেপিৰ জেষ্ঠ বিধায়কগৰাকীৰ এনে বিৰূপ মন্তব্যত গ্ৰাম্যাঞ্চলৰ প্ৰতিজন জনতাক চৰম অপমান কৰা বুলি ব্যক্ত কৰি ৰাইজক বিপথে পৰিচালিত নকৰিবলৈ সাধাৰণ ৰাইজে আহ্বান জনায়। লগতে বিধায়ক পদৰ পৰা প্ৰশান্ত ফুকনক পদত্যাগ কৰিবলৈ আহ্বান জনাই ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply