বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ ভৱন উদ্বোধন কৰিলে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে Credit: মৈত্রী আঁচনিৰ অধীনত ১.৮৮ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ ভৱন

বিশ্বনাথ – মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল সোমবাৰে মৈত্রী আঁচনিৰ অধীনত ১.৮৮ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ নবনির্মিত ভৱনৰ শুভ উদ্ধোধন কৰে। এই উপলক্ষে আয়ােজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সােণােৱালে কয় যে ২০১৫ চনত গুৱাহাটীত অনুষ্ঠিত সৰ্বভাৰতীয় ডিজিপি আৰু আই জি পি কনফাৰেন্সত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে যি স্মার্ট পুলিচৰ ধাৰণাৰ কথা উল্লেখ কৰিছিল, তাৰ ভিত্তিতেই মৈত্রী আঁচনিখন গ্ৰহণ কৰা হৈছে।

২০১৬ চনত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ ক্ষমতালৈ অহাৰ পিছতে গ্ৰহণ কৰা এই অভিলাষী আঁচনিৰ অধীনত প্রথম পর্যায়ত ৭৩ খন থানাৰ উন্নীতকৰণ আৰু আধুনিকীকৰণৰ কাম হাতত লােৱা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে মৈত্রী আঁচনিৰ অধীনত উন্নীত কৰা ৪৯ সংখ্যক আৰক্ষী থানা হিচাপে বিশ্বনাথ চাৰিআলি থানাৰ নতুন ভৱন উন্মােচন কৰিবলৈ পাই তেওঁ সুখী অনুভৱ কৰিছে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে পৰিৱর্তিত সময়ৰ প্রতি লক্ষ্য ৰাখি অপৰাধৰ নতুন কৌশলৰ সৈতে মােকাবিলা কৰিব পৰাকৈ আৰক্ষী বাহিনী আৰু থানাসমূহৰ আধুনিকীকৰণ কৰা হৈছে।

মুখ্যমন্ত্ৰীয়ে কয় যে সন্ত্রাসবাদ মুক্ত আৰু দুর্নীতিমুক্ত অসম গঢ়ি তােলাৰ দিশত থকা ৰাজ্য চৰকাৰৰ প্রতিশ্রুতিবদ্ধতা পুৰণৰ ক্ষেত্ৰত আৰক্ষী বাহিনীয়েও উল্লেখযােগ্য বৰঙনি আগবঢ়াইছে। অনাগত দিনসমুহতাে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা তথা সর্বস্তৰৰ জনতাৰ সৈতে মধুৰ সম্পৰ্ক ৰক্ষা কৰাৰ বাবে আৰক্ষী বাহিনীক নতুন ৰূপত গঢ়ি তােলাৰ ক্ষেত্ৰত চৰকাৰে যাবতীয় পদক্ষেপ গ্রহণ কৰি যাব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

অসম আৰক্ষী গৃহ নির্মাণ পৰিষদৰ পৰিচালন সঞ্চালক অৰবিন্দ কলিতাই আদৰণী ভাষণ প্রদান কৰা এই অনুষ্ঠানত হস্ততাঁত, বস্ত্রশিল্প আৰু ৰেচম বিভাগৰ মন্ত্ৰী ৰঞ্জিৎ দত্ত, সাংসদ পল্লৱ লােচন দাস, বিধায়কদ্বয় প্রমােদ বৰঠাকুৰ আৰু উৎপল বৰা, উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ লগতে বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply