বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

বিশ্বনাথ: সদৌ অসম ছাত্ৰ সন্থাৰ আহব্বান মৰ্মে শণিবাৰে সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই বিশ্বনাথ চাৰিআলিৰ শ্বহীদ ভৱনৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে | সভাত বৰ্তমানৰ চৰকাৰে চলাই থকা অসম বিৰোধী কাৰ্যকলাপ বন্ধ কৰিবলৈ বক্তাসকলে দাবী কৰে | প্ৰতিবাদী সদস্যসকলে নৰেন্দ্ৰ মোদী গ’বেক, সৰ্বানন্দ সোনোৱাল হায় হায়, হিমন্তৰ দম্ভালী নচলিব, পুলিচৰ দমন নীতি বন্ধ কৰক, কা’ বাতিল কৰিবই লাগিব, EIA বাতিল কৰক, অমিত শ্বাহ হুছিয়াৰ আদি বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে |কা’ বাতিল, পাৰিবেশিক প্ৰভাৱ নিৰূপন অধিসূচনা প্ৰত্যাহাৰ, অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু অসম চুক্তি অনুসৰি জলন্ত বিদেশী সমস্যা সমাধানৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয়।

উক্ত কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিবাহক সদস্য ৰূপম দাস, বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম বিকাশ বৰা, সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি বৰা, উপ-সভাপতি আজমত শ্বেখ, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ চমুৱা, বিশ্বনাথৰ জেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যনিবাহক সদস্য নাছিৰ আহমেদ, সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক সুনীল গোৱালা, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক নিতু বৰা, গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক আদি কৰি জিলা ছাত্ৰ সন্থাৰ বিষয় ববীয়া সকল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply