দেবব্ৰত শইকীয়া

গুৱাহাটী:- বিৰোধী দলপতিৰ মৰ্য্যদা হেৰুৱালে দেবব্ৰত শইকীয়াই | যোৱা সময়ছোৱাত দলৰ ভিতৰতে দেবব্ৰত শইকীয়া দলপতি হিচাবে দায়িত্ব পালনত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি হাইকামান্ডক ৯ জন বিধায়কে লিখিত অভিযোগ তুলিছিল | যোৱা এটা বছৰে এই বিষয় লৈ কোনো গুৰুত্ব নিদিয়াত দলৰেই বিধায়ক সকল অসন্তোষ্ট |

মাজত মাত্ৰ তিনিটা মাহ ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে কংগ্ৰেছ দল।

নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে দলটোৰ বহুজন নেতা কৰ্মীয়ে দল ত্যাগ কৰিছে | সমান্তৰাল ভাবে দল দলীয় নেতাই সভাপতিক আঁতৰাবলৈ এক প্ৰকাৰ বিদ্ৰোহ কৰিছে | এনে এক সময়ত নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছে হেৰুৱালে বিৰোধী দলৰ মৰ্য্যদা। ২৬ জন বিধায়ক জয়লাভ কৰা কংগ্ৰেছ দলৰ বিধায়কৰ সংখ্যা হ্ৰাস পালে ২০গৰাকীলৈ | ইয়াৰ ফলত বিৰোধী দলপতিৰ বাবে প্ৰয়োজনীয় সংখ্যা কমিল কংগ্ৰেছৰ | যাৰ ফলত বিৰোধী দলপতিৰ মৰ্য্যদা হেৰুৱালে দেৱব্ৰত শইকীয়াই।

২০১৬ চনৰ অসম বিধান সভা নিৰ্বাচনত কংগ্ৰেছ দলে ২৬ খনত জয় লাভ কৰিছিল। চাৰি বছৰত সেই ২৬ জন বিধায়কৰ সংখ্যা ২০ জনলৈ অৱনমিত হ’ল কংগ্ৰেছৰ। ২০১৬ চনত নিৰ্বাচনৰ পিছতেই পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী ৰূপে জয়লাভ কৰা ডাঃ মানচিং ৰংপিয়ে প্ৰথমে দল ত্যাগ কৰি বিজেপিত যোগ দি পুনৰ উপ নিৰ্বাচনৰ জড়িয়তে জয়লাভ কৰিছিল |

শেহতীয়া ভাৱে কংগ্ৰেছ দল এৰিলে লক্ষীপুৰ সমষ্টিৰ বিধায়ক ৰাজদ্বীপ গোৱালা আৰু গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগে। আব্দুল খালেক সাংসদ হোৱাৰ বাবে খালী হোৱা জনিয়া সমষ্টিৰ উপ নিৰ্বাচনত এ আই ইউ ডি এফ হাতত পৰাস্ত হয় |

আনহাতে শিৱসাগৰ সমষ্টিৰ বিধায়ক প্ৰণৱ কুমাৰ গগৈ আৰু তিতাবৰ সমষ্টিৰ বিধায়ক তৰুণ গগৈৰ বিয়োগৰ পিছত সেই সংখ্যা হ্ৰাস পালে ২০লৈ। ২০ খন আসনেৰে বিৰোধী দলপতিৰ মৰ্যদা হেৰুওৱা দেৱব্ৰত শইকীয়াৰ পদত্যাগ দাবী কৰিছে শাসকীয় বিজেপি দলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply