ভাড়াতীয়াৰ দ্বাৰা অপহৃত দহ বছৰীয়া শিশু উদ্ধাৰ

বৰপেটা – বৰপেটা জিলাৰ হাউলীত চাঞ্চল্যকৰ ঘটনা। ভাড়াতীয়াৰ দ্বাৰা অপহৃত এটি দহ বছৰীয়া শিশু উদ্ধাৰ৷ আফৰণকাৰীয়ে হাত-ভৰি বান্ধি নিজ কোঠাত আৱদ্ধ কৰি ৰাখিছিল শিশুটিক৷ অপহৰণকাৰীৰ কবলত পৰা পলায়ন কৰি নিজ ঘৰত উপস্থিত শিশুটি।

বৰপেটা জিলাৰ হাউলীত পঞ্চম শ্ৰেণীৰ শিশু এটিক অপহৰণ কৰা কাণ্ড সংঘটিত হৈছে। হাউলীৰ লাচিত ৰোডৰ সৰবেশ আলী নামৰ লোকজনক ঘৰত ভাড়াতীয়া হিচাপে থকা গুলজাৰ আৰু মামনি বেগম নামৰ দম্পত্তিয়ে এটি দহ বছৰীয়া শিশুক অপহৰণ কৰে। অপহৰণকাৰী দম্পত্তিয়ে শিশুটিক হাত-ভৰি বান্ধি নিজ কোঠাত আৱদ্ধ কৰি ৰাখিছিল৷

সৰবেশ আলীৰ ঘৰৰ একেটা চৌহদতে ভাড়াতীয়া হিচাপে থকা হাউলীৰ জিলা শিক্ষা আৰু প্ৰশিক্ষন প্ৰতিষ্ঠানৰ প্ৰৱক্তা মনোৱাৰ হুছেইনৰ পুত্ৰ দম্পত্তিহলে সোমবাৰে পুৱা দোকানলৈ বিস্কুট আনিবলৈ পঠোৱাৰ চলেৰে ঘৰলৈ মাতি নি শিশুটিক হাত-ভৰি বান্ধি মুখত সোপা দি কোঠাত আৱদ্ধ কৰি ৰাখিছিল। পুৱাৰ পৰাই সন্ধানহীন হৈ থকা শিশুটিক পৰিয়ালৰ লোকে সন্ধিয়া পৰ্যন্ত বিচাৰি কোনো ধৰণৰ খবৰ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।

অবশেষত নিশাৰ ভাগত শিশুটিয়ে সুযোগ বুজি অপহৰণকাৰী কবলৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়৷ দম্পত্তিহলে শিশুটিক অপহৰণ কৰি কোঠাত আৱদ্ধ কৰি মাৰধৰো কৰিছিল৷ শিশুটিক ডিঙি চেপি হত্যাৰ চেষ্টা চলোৱাৰ লগতে হাত-ভৰি আদিত আঘাত কৰিছিল অপহৰণকাৰী দম্পত্তিহলে৷ অপহৃত শিশুটিৰ দেহৰ বিভিন্ন স্থানত আঘাতৰ চিন পৰিলক্ষিত হৈছে। শিশুটি উদ্ধাৰৰ পিছতে হাউলী চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে।

শিশুটি উদ্ধাৰৰ পাছতে শিশুটোক অপহৰণ কৰি কোঠাত আৱদ্ধ কৰি ৰখা অভিযুক্ত মামনি বেগম নামৰ মহিলা গৰাকী এজন লোকৰ সৈতে মটৰ চাইকেলত উঠি পলাবলৈ চেষ্টা কৰিছিল যদিও স্থানীয় ৰাইজে অতি তৎপৰাতাৰে মহিলা গৰাকীক আটক কৰিবলৈ সক্ষম হয়।অৱশ্যে বাইক আৰোহীজনে পলাই যাবলৈ সক্ষম হয়৷

আনহাতে অভিযুক্ত গুলজাৰৰো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী৷ অভিযুক্ত মহিলা গৰাকীক স্থানীয় লোকে উত্তম মধ্যম শোধাই হাউলী আৰক্ষীক চমজাই দিয়ে। ইপিনে গুলজাৰ আৰু মামনি বেগমৰ কোঠাত বিভিন্ন ধৰণৰ আপত্তিজনক তথ্যৰ লগতে একাধিক ছিমকাৰ্ড আৰু অজ্ঞাত কোডসহ মোবাইল নম্বৰ উদ্বাৰ হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply