গুৱাহাটী – ২০২০ বর্ষৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ ফলাফললৈ কিছু ক্ষণ বাকী। সেই সময়তে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পুত্ৰই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে এখন বিতৰ্কিত মানচিত্ৰ। যি খন মানচিত্ৰত অন্তৰ্ভুক্ত নাছিল ভাৰতৰ উত্তৰ-পূৱ অংশ।
So much for the friendship with Trump Senior. Junior has placed India firmly with @JoeBiden & @KamalaHarris though interestingly Jr. believes J&K & the NorthEast go against the rest of India & will vote Trump. Someone needs to take his colouring pencils away. https://t.co/AqVyX4ixdl
— Omar Abdullah (@OmarAbdullah) November 3, 2020
কাশ্মীৰ ভাৰতৰ অংশ নহয় বুলি মানচিত্ৰ খনত দেখুওৱা হৈছে। এই বিশ্বৰ মানচিত্ৰখন নিৰ্বাচনত তেওঁৰ পিতৃ জয়ী হোৱাৰ এক ভৱিষ্যতবাণী হিচাপে প্ৰকাশ কৰিছে ।ইয়াত দেখা গৈছে ৰঙা ৰঙত অধিকাংশ ৰিপাব্লিকান পাৰ্টীৰ দেশ ।ভাৰতক নীলা ৰঙৰে ডেম’ক্ৰেটিক পাৰ্টিত সূচিত কৰা হৈছে।ইয়াৰ ভিতৰত কাশ্মীৰ আৰু উত্তৰ-পূবক ভাৰতৰ পৰা পৃথক কৰি ৰঙা ৰঙেৰে দেখুওৱা হৈছে।
The price of Namo’s bromance: Kashmir & the NorthEast cut off from the rest of India, &the whole “filthy” place relegated by Don Jr to the realm of hostiles, along with China&Mexico. So much for the crores spent on obsequious serenading stadium events! https://t.co/fsI53aSkpv
— Shashi Tharoor (@ShashiTharoor) November 3, 2020
মানচিত্ৰ খনত ট্ৰাম্পক সমৰ্থন কৰা দেশবোৰক ৰঙা ৰং আৰু বাইডেনক সমৰ্থন কৰা দেশবোৰক নীলা ৰঙৰে দেখুৱাইছে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে এই বিতৰ্কিত টুইটটোত জুনিয়ৰ ট্ৰাম্পে উল্লেখ কৰে যে ,’ অৱশেষত তেওঁৰ নিৰ্বাচনী মানচিত্ৰৰ ভৱিষ্যতবাণী কৰাৰ সময় আহি গ’ল ‘ ইয়াৰ পাছতে টুইটাৰত জুনিয়ৰ ডনাল্ড ট্ৰাম্পক ভাৰতৰ ৰাজনীতিবিদ সকলে বিভিন্ন সমালোচনা কৰা দেখা গৈছে।
Okay, finally got around to making my electoral map prediction. #2020Election #VOTE pic.twitter.com/STmDSuQTMb
— Donald Trump Jr. (@DonaldJTrumpJr) November 3, 2020
কংগ্ৰেছ সাংসদ শশী থাৰুৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টুইট কৰে , ‘ কাশ্মীৰ আৰু উত্তৰ -পূৱৰ বাকী অংশ ভাৰতৰ মানচিত্ৰৰ পৰা কাটি পেলালে।সমগ্ৰ ‘লেতেৰা’ ডন জুনিয়ৰ ট্ৰাম্পে চীন আৰু মেক্সিকোৰ সৈতে ৰাজত্বলৈ লৈ যায় । জম্মু -কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুলাইয়ো জুনিয়ৰ ট্ৰাম্পৰ টুইটটোত কটাক্ষ কৰি লিখে যে’ কোনোবাই তেওঁৰ ৰং পেঞ্চিলবোৰ আঁতৰাই দিব লাগে ।’