মহানগৰীৰ পথৰ ধূলি-বালি আঁতৰ কৰিছে এগৰাকী আৰক্ষীয়ে

গুৱাহাটী – আনলৈ ৰৈ নাথাকি নিজে হাতে কামে লাগিল মহানগৰীৰ এগৰাকী যান বাহন আৰক্ষী বিষয়া। হাতৰ পানীৰ পাইপলৈ মহানগৰীৰ পথৰ ধূলি-বালি আঁতৰ কৰাত লাগিল মহানগৰ আৰক্ষীৰ যান বাহন শাখাৰ আৰক্ষী বিষয়া।

শনিবাৰে দিছপুৰ চুপাৰ মাৰ্কেটৰ পথৰ ওপৰত থকা ধূলি-বালিয়ে সমস্যাত পেলাইছিল যান বাহন চালক সকলৰ লগতে পথটোৰে অহা-যোৱা কৰা লোক সকলক। চুপাৰ মাৰ্কেটত ৰাইজৰ অসুবিধা প্ৰত্যক্ষ কৰি ওলাই আহিল মহানগৰ আৰক্ষীৰ যান বাহন শাখাৰ এগৰাকী আৰক্ষী বিষয়া।

আৰক্ষী বিষয়া গৰাকীয়ে হাতত পানীৰ পাইপ লৈ পথৰ ওপৰত থকা ধূলি বালি আঁতৰ কৰাত ব্যস্ত হৈ পৰে। ৰাইজ যাতে অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয় ইয়াৰ বাবে আনলৈ ৰৈ নাথাকি নিজে হাতে কামে লাগিল যান বাহন শাখাৰ আৰক্ষী বিষয়া গৰাকী।

অমিয় কলিতা নামৰ যান বাহন আৰক্ষী বিষয়া গৰাকীয়ে চুপাৰ মাৰ্কেট অঞ্চলৰ পথৰ ওপৰত ধূলি বালি আঁতৰ কৰিলৈ হাতত পানীৰ পাইপ তুলি লোৱা ছবিয়ে সামাজিক মাধ্যমত ভাইৰলে হৈ পৰিছে। বহু লোকে যান বাহন আৰক্ষী বিষয়া অমিয় কলিতাক সামাজিক মাধ্যমত ধন্যবাদ জ্ঞাপন কৰাও পৰিলক্ষিত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply