মহানগৰীৰ পদসেতুৱে যান-জঁট কমাব নে বঢ়াব

গুৱাহাটী- গুৱাহাটী মহানগৰীৰ আটাইতকৈ ব্যস্ত জি এছ ৰোডৰ পথটোৰ মাজত ৪ ঠাইত পথ পাৰ হ’বলৈ পদসেতু নিৰ্মাণৰ কামত ব্যস্ত গড়কাপ্টানী বিভাগ এতিয়াৰ লোকনিৰ্মাণ বিভাগ | এইবোৰ নিৰ্মাণৰ ফলত যান-জঁট কমিবনে নে বাঢ়িব সেই সম্পৰ্কে কাৰো একো সুদুত্তৰ নাই | গণেশগুৰিৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা উৰণীয়া সেতুৰ দুয়োদিশে দুখন নিৰ্মীয়মাণ পদসেতুৰ বাবেই প্ৰতিদিনে বৰ্তমান যান-জঁটে ভয়াবহ ৰূপ লৈছে |

লোকনিমাৰ্ণ বিভাগে(পথ)প্ৰতিখন পদসেতু নিৰ্মাণৰ বাবদ প্ৰায় ১০ কোটিকৈ টকা ধাৰ্য কৰি বিগত মাৰ্চ মাহতে নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল | এই পদসেতু নিমাৰ্ণৰ ফলত এফালে ১৩ মিটাৰ বহল ৰাস্তাটো ৮.৫ মিটাৰলৈ ঠেক হৈ পৰিব | বৰ্তমান সময়ত এক তৃতীয়াংশ বন্ধ কৰি পদসেঁতু নিৰ্মাণ কৰি থকাৰ বাবে দিনটোৰ অধিকাংশ সময়েই যান-জঁটৰ সন্মুখীন হৈছে মহানগৰ বাসী |

জেব্ৰা ক্ৰছিং বাদ দি কোটি টকীয়া পদসেতুৱে নিৰ্মাণ কিয়

গুৱাহাটী মহানগৰবাসীক যাতায়াতৰ ক্ষেত্ৰত সকাহ দিয়াৰ বাবেই গড়কাপ্টানী বিভাগে আৰম্ভ কৰিছে মুঠ ৭ খনকৈ পদসেতু নিৰ্মাণৰ কাম | পথচাৰী সকলে কোনো সমস্যা নোহোৱাকৈ ৰাস্তা পাৰ হ’ব পৰাকৈ খানাপাৰাৰ তাজ হোটেলৰ সমীপত, গণেশগুৰি ফ্লাই অ’ভাৰৰ দুয়োপাৰে দুখন, দক্ষিণ গুৱাহাটীৰ ৰাজহুৱা বজাৰৰ সমীপত, শুক্লেশ্বৰ মন্দিৰৰ সমীপত, কামাখ্যা মন্দিৰলৈ যোৱা পথৰ সন্মুখত, আদাবাৰীত এখনকৈ পদসেতুৰ নিৰ্মাণ চলি আছে | বয়োজ্যেষ্ঠ সকলৰ লগতে বিশেষভাবে সক্ষম লোক সকলৰ বাবে পদসেতুৰ দুয়োফালে লিফ্ টৰ ব্যবস্থা কৰিছে |

এই পদসেতু কেইখনে যান-জঁট কমাবনে বৃদ্ধি কৰিব | পদসেতু নিৰ্মাণৰ ফলত বহল ৰাস্তাটো ঠেক হৈ পৰাত এতিয়া নিৰ্মাণৰ সময়তে ভীষণ সমস্যা সৃষ্টি হৈছে | মহানগৰীৰ অধিকাংশ পথতেই এতিয়া ওখ ওখ পথ বিভাজক নিৰ্মাণ কৰি পথচাৰী পাৰ হব নোৱাৰাৰ ব্যবস্থা কৰাৰ পিছত এতিয়া পদসেতু নিৰ্মাণ কৰি সমস্যা সমাধানৰ নামত ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰাৰ বিপৰীতে যান-জঁটৰ সংখ্যা বৃদ্ধি হোৱাৰ ব্যবস্থা কৰিছে |

মহানগৰীৰ পদসেতুৱে যান-জঁট কমাব নে বঢ়াব

লোকনিৰ্মাণ বিভাগে ৭ খন পদসেতু নিৰ্মাণ কৰি থকা সময়তে আকৌ গুৱাহাটী পৌৰনিগমে আন চাৰিখন পদসেতু নিৰ্মাণৰ বাবে সাজু হৈছে | গুৱাহাটী পৌৰনিগমে এটা escalator ত ৮.১৪ কোটি টকাকৈ ৪টাৰ বাবে মুঠ ৩৩.৫৬ কোটি টকাৰ নিবিদা ইতিমধ্যে আহ্বান কৰিছে ।

পথচাৰী পথ পাৰ হোৱাৰ বাবে জেব্ৰা ক্ৰছিংয়েই বিজ্ঞানসন্মত সমাধান। ইয়াৰ পিছতো কিয় কোটি কোটি টকা ব্যয় কৰি এই পদসেতু নিৰ্মাণৰ আঁৰত ৰহস্য কি ? ৰাইজৰ সুবিধা হ’ব বুলি দোহাই দি এইদৰে কৰা আঁচনি বোৰে কিমান উপকাৰত আহিছে |

মহানগৰীৰ পদসেতুৱে যান-জঁট কমাব নে বঢ়াব

মহানগৰৰ বাসিন্দা নিৰ্বিকাৰ হৈ থকাৰ বাবেই এনেধৰণে ৰাজহুৱা ধনৰ অপচয় কৰাৰ সুযোগ পাইছে | ৰাইজৰ মত লোৱাৰো কোনো প্ৰয়োজন বুলি নাভাবে এইসকলে |

পথ বিভাজক আৰু পদসেতু সাজিয়েই স্মাৰ্ট চিটি সাজিব বিচৰা চৰকাৰ খনৰ এই ব্যবস্থাই অধিক যান-জঁটৰহে সৃষ্টি কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply Cancel reply