মানকাচৰত চি আৰ পি এফৰ উদ্যোগত জনকল্যাণমূলক কাৰ্যসূচী Credit: ইষ্টম'জ'

মানকাচৰ:- মানকাচৰ কলেজত 48 Bn চি আৰ পি এফ ৰ চিভিক একশ্যান প্ৰ’গ্ৰামৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক খেল ধেমালিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ খেল ধেমালিৰ‌ সামগ্ৰী প্ৰদান কৰে।

মানকাচৰ মহাবিদ্যালয়ত অনুষ্ঠিত কাৰ্যসূচীত 48 Bn চি আৰ পি এফৰ উপ কামাণ্ডেড নীৰ সিঙ মীনাই উক্ত চিভিক একশ্যন কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে। মানকাচৰ মহাবিদ্যালয়ৰ অধ্যাপক,মানকাচৰৰ আৰক্ষী চক্ৰ বিষয়া,অ,চি আৰু ছাত্ৰ ছাত্ৰীয়ে উক্ত চিভিক একশ্যন প্ৰ’গ্ৰামৰ উপস্থিত থাকে।

উপ কামাণ্ডেড নীৰ সিঙ মীনাই সদৰি কৰে যে চি আৰ পি এফ ৰ লগত ৰাইজৰ সুসৰ্ম্পক বজাই ৰখাৰ লগতে নৱ প্ৰজন্মক সুস্বাস্থ্য ৰখাৰ বাবে এনেধৰণৰ প্ৰ’গ্ৰাম তেওঁ লোকে কৰিছে।

ছাত্ৰ ছাত্ৰী সকলোক ভালকৈ পঢ়াশুনাৰ লগতে খেল ধেমালি, শৰীৰ চৰ্চাৰ জৰিয়তে সুস্বাস্থ্য গঢ়ি তোলাৰ বাবে আহ্বান জনাই ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply