মানকাচৰ – দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ গজাৰিকান্ধী কুকুৰমাৰাত নতুনকৈ এজন লোকৰ দেহত ধৰা পৰিল ক’ভিড। কভিড পজিটিভ লোকজনক হোম কৰেইনটাইন কৰা হৈছে।উল্লেখ্য যে জিলাখনৰ মানকাচৰ থানা এলেকাৰ কুকুৰমাৰা দ্বিতীয় খণ্ড গাঁৱৰ আমিৰ আলী নামৰ ৩৫ বছৰীয়া ৰাজ মিস্ত্ৰী এজনৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে। লোকজন যোৱা প্ৰায় এসপ্তাহ পূৰ্বে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰ জিলাৰ ৰংজেংৰ পৰা ঘৰলৈ আহিছিল।

গাৰো পাহাৰত আমিৰ আলী মিস্ত্ৰীৰ কামত নিয়োজিত হৈ আছিল। পুনৰ মেঘালয়লৈ উভতি যাবলৈ হ’লে কভিড পৰীক্ষা কৰি যাব লাগে বাবে সোমবাৰে তেওঁ গজাৰিকান্ধী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কভিড পজিটিভ পৰীক্ষা কৰে আৰু তেওঁ কভিড পজিটিভ বুলি চিনাক্ত হোৱাত চিকিৎসকে তেওঁক হোম কৰেইনটাইন কৰিছে। সম্প্ৰতি মহকুমা চিকিৎসা বিভাগৰ ফলত তেওঁক চিকিৎসা চলাই থকা বুলি মহকুমা চিকিৎসক বিষয়া ছাদৰুল হক খন্ধকাৰে জানিবলৈ দিয়ে।

মহকুমা চিকিৎসক বিষয়া গৰাকীয়ে লগতে জানিবলৈ দিয়ে যে লোকজন জ্বৰ বা কাঁহত আক্রান্ত নহয়। মন কৰিবলগীয়া যে এই পর্যন্ত জিলাখনত মুঠ ৭৩৫ জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে। ইয়াৰে এজন মৃত্যু মুখত পৰাৰ লগতে ৭৩৩ জন ক’ভিড মুক্ত হৈছে বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply