মেলাৰ নামত অশ্লীল নৃত্য আৰু জুৱাৰ ৰমৰমীয়া ব্যৱসায় Credit: আৰক্ষীৰ ৰহস্যজনক ভূমিকা

মানকাচৰ – মেলাৰ নামত চলিছে অশ্লীল নৃত্য আৰু জুৱাৰ ৰমৰমীয়া ব্যৱসায়।মানকাচৰৰ বিভিন্ন প্ৰান্তত মেলাৰ নামত চলি আছে অশ্লীল নৃত্য আৰু জুৱাৰ ৰমৰমিয়া ব্যৱসায়। আৰক্ষীৰ ৰহস্যজনক ভূমিকা।

নামনি অসমৰ বিভিন্ন প্ৰান্তত মেলাৰ নামত দেখিবলৈ পোৱা গৈছে অশ্লীল নৃত্য আৰু জুৱাৰ ৰমৰমীয়া ব্যৱসায়। বিশেষকৈ চৰাঞ্চল সমূহত ব্যাপক হাৰত বৃদ্ধি পাইছে এই অপসংস্কৃতিৰ। বৰপেটা আৰু দক্ষিণ শালমাৰ মানকাচৰ জিলাত এই অপসংস্কৃতিয়ে চিন্তিত কৰি তুলিছে সচেতন ৰাইজক।

বৰ্তমান দক্ষিণ শালমাৰ মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ কুকুৰমাৰাৰ গজাৰীকান্ধিত মেলাৰ নামত চলি আছে অশ্লীল নৃত্য আৰু জুৱাৰ ৰমৰমিয়া ব্যৱসায়। যত শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধা সকলেও জুৱা খেলত মতলীয়া হৈ পৰিছে।

মেলা বন্ধ কৰিবলৈ জিলা আৰক্ষী প্ৰশাসনক যোৱা কিছুদিন ধৰি অৱগত কৰি অহা হৈছে যদিও আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষীয়ে ৰহস্যজনকভাৱে জুৱাৰী সকলক সাংবাদিকৰ নম্বৰ দি মেনেজ কৰিবলৈ দিয়াৰো অভিযোগ উঠিছে।

সচেতন ৰাইজে বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীয়ে গুৰুত্ব প্ৰদান নকৰাৰ লগতে জিলা প্ৰশাসনেও একে ভূমিকা পালন কৰা দেখিবলৈ পোৱা গৈছে। মোটা অংকৰ বিনিময়ত এনে মেলা বহুৱাবলৈ দিয়া হয় বুলি অভিযোগ উঠিছে।

ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা আহিছে যদিও এইদৰে মেলা চলাই জিলাখনৰ পৰিৱেশ কুলখিত কৰি তুলিছে একাংশ দুষ্ট চক্ৰাই। স্থানীয় সচেতন ৰাইজে অতি শীঘ্ৰে এই মেলা সমূহ বন্ধ কৰাৰ বাবে আৰক্ষী আৰু প্ৰশাসনক দাবী জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply