যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন Credit: আহত টাটা ম'বাইল মিনি ট্ৰাকখনৰ চালক-হেণ্ডিমেন

মানকাচৰ – মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তবৰ্তী ছটিমাৰীত বোৱাৰী হত্যা। আৰমিনা বেগম নামৰ বোৱাৰী গৰাকীক মাৰপিট কৰি ডিঙি ৰেপি হত্যা। স্বামী সুমন মিয়া আৰু স্বামীৰ পিতৃ-মাতৃয়ে মিলি হত্যা কৰাৰ অভিযোগত মানকাচৰ থানাত এজাহাত দাখিল কৰিলে হত্যাৰ বলি হোৱা আৰমিনাৰ পিতৃয়ে।

পুনৰ হত্যাৰ বলি হ’ল এগৰাকী বোৱাৰী। মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তবৰ্তী ছটিমাৰীত এগৰাকী বোৱাৰীক স্বামীৰ লগত স্বামী পৰিয়ালৰ লোকে মিলি হত্যা কৰাৰ অভিযোগ। আৰমিনা বেগম নামৰ বোৱাৰী গৰাকীক স্বামী সুমন মিয়া আৰু স্বামীৰ পিতৃ-মাতৃয়ে মিলি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে হত্যাৰ বলি হোৱা বোৱাৰী গৰাকীৰ পিতৃয়ে।

আৰমিনা বেগমৰ পিতৃয়ে ইতিমধ্যে সুমন মিয়াৰ লগতে সুমন মিয়াৰ পিতৃ-মাতৃৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে হত্যাৰ বলি হোৱা মহিলা গৰাকীৰ মৃত্যুদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰিছে। এবছৰ পূৰ্বে সুমন মিয়াৰ সৈতে আৰমিনা বেগম বিবাহপাশত আবদ্ধ হৈছিল।

মানকাচৰ থানাৰ অন্তৰ্গত কাকৰিপাৰা গাঁৱৰ আছাদুল হকৰ জীয়েক আৰমিনা বেগমৰ সৈতে পাৰ্শ্ববৰ্তী ছটিমাৰী গাঁৱৰ আজাদ মিয়াৰ পুত্ৰ সুমন মিয়া সামাজিকভাৱে বিবাহপাশত আৱদ্ধ হৈছিল যদিও বিবাহৰ পিছৰে পৰা স্বামীৰ লগতে শশুৰ আজাদ মিয়া আৰু শাশুয়েৰেক ছুপিয়াৰা বেগমে বোৱাৰী গৰাকীক যৌতুক বিচাৰি শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাই আছিল।

এনে পৰিস্থিতিৰ মাজত শুকুৰবাৰে পুৱতি নিশা প্ৰায় তিনি বজাত হঠাৎ ৰহস্যজনকভাৱে স্বামী পৰিয়ালে বোৱাৰী গৰাকীক সংকটজনক অৱস্থাত পিতৃগৃহত আনি চমজাই দি যায়। জীয়েকৰ অৱস্থা সংকটজনক দেখি লগে লগে পিতৃয়ে মানকাচৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত জীয়েকক ভৰ্তি কৰে যদিও চিকিৎসকে আৰমিনা বেগমক মৃত বুলি ঘোষণা কৰে।

আৰমিনা বেগমৰ মৃত্যুৰ পিছতে আৰমিনা বেগমৰ পিতৃয়ে মানকাচৰ থানাত স্বামী সুমনসহ তিনিজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ইফালে ঘটনাক লৈ মানকাচৰ আৰক্ষী তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কাকো গ্ৰেপ্তাৰ কৰা নাই। প্ৰকৃত ঘটনাৰ ৰহস্য কি সেয়া আৰক্ষীৰ তদন্তৰ পিছতে পোহৰলৈ আহিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply