উচ্চতৰমাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা

নিউজ ডেক্স:- অহা মার্চৰ প্রথম সপ্তাহত অনুষ্ঠিত হ’ব ২০২১ বর্ষৰ উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ চূড়ান্ত পৰীক্ষা৷ পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ প্রস্তুতি আৰম্ভ কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে৷ শিক্ষা সংসদৰ সচিব ড০ ৰমেশ চন্দ্র চুতীয়াৰ নেতৃত্বত গঠন কৰা হৈছে এখন উচ্চ পর্যায়ৰ কমিটী৷ চলিত বছৰৰ শেষৰ দিনটোত শিক্ষা সংসদৰ কার্যালয়ত এই সন্দর্ভত অনুষ্ঠিত হয় এখন বৈঠক৷ এই বৈঠকতে আগন্তুক বর্ষৰ বাবে শিক্ষা সংসদে হাতত লৈছে কেতবোৰ পদক্ষেপ৷ মহামাৰী ক’ৰোনা ভাইৰাছে জুৰুলা কৰা পৰীক্ষার্থীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি এইবাৰ পৰীক্ষাত হ্রাস কৰিব ৩০ শতাংশ পাঠ্যক্রম |

আনহাতে চিবিএছচিৰ দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সূচী ঘোষনা | কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশংকে ঘোষনা কৰে পৰীক্ষাৰ সূচী ।

৪ মে ২০২১ ত আৰম্ভ হ’ব চিবিএছচি দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা । ১০ জুন ২০২১ ত শেষ হ’ব চিবিএছচি দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা । ব্যৱহাৰিক বিষয় সমূহ পৰীক্ষা ১ মাৰ্চ ২০২১ৰ পৰা আৰম্ভ হ’ব । ১৫ জুলাইত ফলাফল ঘোষনা কৰিব চিবিএছচি পৰীক্ষাৰ |

কিন্তু বৰ্তমানে কৰোণাৰ বাবে সুৰক্ষা দিশটো চাই সকলো স্কুল কলেজ বন্ধ আছে। প্ৰায় সকলো পৰীক্ষাই অনলাইনত হৈ আছে।

উল্লেখ্য যে, ফেব্ৰুৱাৰীত দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হোৱা কথা আছিল । কিন্তু বৰ্তমানে ইয়াক মে লৈ পিছুৱাই দিয়া হৈছে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীয়ে সদৰি কৰিছে এই নতুন সময়সূচীৰ কথা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply