গুৱাহাটী – মহাৰাষ্ট্ৰ আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ সময়ত শাৰীৰিকভাৱে প্ৰহাৰ কৰিছিল। আজি ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান এএনআইৰ সমূখত চিঞৰি চিঞৰি জনালে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক গৰাকীয়ে।

আৰক্ষীয়ে তেওঁক নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ সময়তে আৰক্ষীৰ ভেনৰ পৰাই চিঞৰি চিঞৰি অৰ্ণৱে ক’লে মোক আৰক্ষীয়ে শাৰীৰিকবাৱে প্ৰহাৰ কৰিছে, তেওঁলোকে মোক মাৰপিট কৰিছে। মাত্ৰ দুষাৰ কথা কোৱাৰ পিছতে সাংবাদিকৰ সমূখৰ পৰা আঁতৰাই লৈ যোৱা হয় অৰ্ণৱ গোস্বামীক।

ইফালে শিবসেনাৰ তৰফৰ পৰাও অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সৰ্বত্ৰে এই গ্ৰেপ্তাৰক প্ৰতিশোধমূলক বুলি কোৱাৰ মাজতে কোনো প্ৰতিশোধ পৰায়ণতাৰ আধাৰত অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ খণ্ডন কৰে শিৱসেনাৰ শীৰ্ষ নেতাই।

উল্লেখ্য যে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে জনাইছে যে ভাৰতীয় দণ্ডবিধিৰ ৩০৬ আৰু ৩৪ ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,878 other subscribers

Leave a comment

Leave a Reply