যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন Credit: আহত টাটা ম'বাইল মিনি ট্ৰাকখনৰ চালক-হেণ্ডিমেন

কেন্দ্ৰ চৰকাৰৰ নিৰ্দেশনা অনুসৰি ২নৱেম্বৰত বিদ্যালয় খোলাৰ পাছতে এক উদ্বেগজনক খবৰে সকলোকে চিন্তিত কৰি তুলিছে ।

অন্ধ্ৰপ্ৰদেশৰ চৰকাৰী হাইস্কুলৰ ৫৭৫ গৰাকী শিক্ষাৰ্থীৰ লগতে ৮২৯ গৰাকী শিক্ষকৰ দেহত ধৰা পৰিছে কভিড-১৯ পজিটিভ।

৯৫,৭৬৩ গৰাকী ছাত্ৰ-ছাত্ৰীক পৰীক্ষা কৰোৱা হৈছিল কৰ’না ভাইৰাছৰ ।ইয়াৰে ৫৭৫ গৰাকীৰ দেহত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰে ।এই তথ্য সদৰী কৰে ৰাজ্য খনৰ শিক্ষা আয়ুক্ত বি চিন্না বিৰভদ্ৰদুয়ে ।

উল্লেখ্য যে ২ নৱেম্বৰৰ পৰা ৰাজ্যখনৰ নৱম ,দশম আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ শ্ৰেণী সমূহ কভিড প্ৰট’কল অনুসৰি শ্ৰেণী সমূহ অনুষ্ঠিত কৰাৰ বাবে চৰকাৰে নিৰ্দেশ দিছিল ।

কিন্তু ৰাজ্যখনৰ চৰকাৰৰ তৰফৰ পৰা আক্ৰান্তৰ পৰিসংখ্যাক উদ্বেগজনক হিচাপে মানি লব’লৈ অস্বীকাৰ কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,878 other subscribers

Leave a comment

Leave a Reply