শিপিনী সমাৰােহ-২০২১ ত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে Credit: আমাৰ ৰাজ্যখনে শিল্পকলাৰ মাধ্যমেৰে নিজৰ ভৱিষ্যৎ ৰচনা কৰিব লাগিব

গুৱাহাটী – অসমৰ ১৪ লাখ শিপিনী বৃহৎ শক্তিৰ ভঁৰাল। এই শক্তিক উজ্জীবিত কৰিব পাৰিলে আমাৰ হস্ততাঁত আৰু বস্ত্রশিল্পই অকল দেশতেই নহয়, বিদেশতাে সমাদৃত হৈ উঠিব। আমাৰ শিপিনীসকলে গ্রাহকৰ মন জয় কৰি বজাৰ সৃষ্টি কৰিব লাগিব। আমাৰ নিজস্ব বজাৰখন অসমৰ হস্ততি বস্ত্ৰ শিল্পৰ লগত জড়িত শিপিনীসকলৰ নিয়ন্ত্ৰণত থাকিলে আমাৰ অর্থনৈতিক গতি ত্বৰান্বিত হৈ উঠিব। শুকুৰবাৰে অসম চৰকাৰৰ হস্ততাঁত বস্ত্রশিল্প আৰু ৰেচম বিভাগৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ক্রীড়াপ্রকল্পত আয়ােজিত শিপিনী সমাৰােহ-২০২১ ত অংশগ্রহণ কৰি এই উপলক্ষে আয়ােজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে এইদৰে কয়।

মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ শিপিনীসকলে আর্থিকভাৱে স্বাবলম্বী হৈ আত্মনিৰ্ভৰ হ’ব লাগিব। দেশৰ ভিতৰতে সর্বাধিক সংখ্যক শিপিনী থকা আমাৰ ৰাজ্যখনে শিল্পকলাৰ মাধমেৰে নিজৰ উজ্জ্বল ভবিষ্যৎ ৰচনা কৰিব লাগিব। এড়ি, মুগা, ৰেচমৰ দ্বাৰা প্ৰস্তুত কৰা বস্ত্ৰ সমূহৰ মানদণ্ড যাতে অধিক উন্নত হয় সেই লক্ষ্যৰে নিয়ােজিত হ’ব লাগিব। শিল্পকলাক প্রাণবন্ত কৰিব পাৰিলে আমাৰ অর্থনৈতিক বুনিয়াদ অধিক শক্তিশালী হৈ পৰিব। অসমত কিমান পৰিমাণৰ বস্ত্র প্রয়ােজন সেই বস্ত্ৰৰ চাহিদা পূৰণ কৰিব পৰাকৈ উৎপাদন, গুণগত মান সংযােজন আৰু বজাৰ ব্যৱস্থাটোৰ সম্পৰ্কত সমীক্ষা চলাব লাগিব। বিজ্ঞান আৰু প্রযুক্তিয়ে নতুন কৌশল আৰু পদ্ধতি প্রদান কৰিছে। আমাৰ উদ্ভাৱনী চিন্তাক ইয়াৰ লগত সংযােগ কৰি মূল্য সংযােজন কৰিব লাগিব। বস্তুৰ গুৰুত্ব বৃদ্ধি কৰিব লাগিলে গ্রাহক সৃষ্টি কৰিব লাগিব বুলিও কয় মুখ্যমন্ত্ৰীয়ে।

অসমৰ প্ৰাকৃতিক দৃশ্য, জৈৱ বৈচিত্ৰ্যৰ বিচিত্ৰ ৰূপ বস্ত্ৰত সংযােজন কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত অসমৰ স্বাভিমান বস্ত্রশিল্পৰ জৰিয়তে প্রকাশি উঠিব। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বস্ত্র শিল্প উদ্যোগক আগুৱাই নিয়াৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে। এই আঁচনিসমূহৰ সুপ্ৰয়ােগৰ জৰিয়তে অসমৰ বস্ত্রশিল্পক বিকশাই তুলিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। ৰাজ্যৰ হাত আৰু বস্ত্রশিল্প বিভাগে অকল দেশতে নহয়, বাংলাদেশৰ দৰে বিদেশী ৰাষ্ট্ৰতাে আয়ােজিত বাণিজ্য মেলাত অংশগ্রহণ কৰিছে। বাংলাদেশৰ ১৮ কোটি জনসাধাৰণৰ বজাৰ দখল কৰাৰ লক্ষ্যৰে শিপিনীসকলে কাম কৰিব লাগিব। কেবল নিজৰ ৰাজ্যৰ ভিতৰতে সীমাবদ্ধ হৈ থাকিলে শক্তিশালী হ’ব পৰা নাযায় বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

পৰম্পৰাগত পদ্ধতিতে সীমাৱদ্ধ হৈ থাকিলে বিকাশ সাধন হ’ব নােৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অসমৰ বস্ত্র উদ্যোগৰ বিকাশ সাধনৰ জৰিয়তে মহিলা সৱলীকৰণৰ উৎকৃষ্ট নিদর্শন দাঙি ধৰিব লাগিব বুলিও কয়। মুখ্যমন্ত্ৰীয়ে কয় যে উঠি অহা প্ৰজন্মক এই শিল্পৰ প্রতি আকৃষ্ট কৰাৰ বাবে প্ৰয়াস কৰিব লাগিব। উৎপাদন বৃদ্ধিৰ জৰিয়তে আত্মনিৰ্ভৰ হ’ব পৰা দিশবােৰ দাঙি ধৰিব পাৰিলে যুৱ প্ৰজন্মই এই শিল্পকলাৰ প্রতি আকৃষ্ট হৈ পৰিব। মুখ্যমন্ত্ৰীয়ে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে এই শিল্পৰ অধিক বিকাশ সাধন কৰিবলৈ শিপিনীসকলক আহ্বান জনায়।

অনুষ্ঠানত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্য, ৰাজহ আৰু দুর্যোগ ব্যবস্থাপনা বিভাগৰ মন্ত্রী যােগেন মহন, বিধায়ক অতুল বৰা, হস্ততাত আৰু বস্ত্রশিল্প বিভাগৰ আয়ুক্ত সচিব মলয় বৰা, অসম চৰকাৰৰ বেচা-কিনা নিগমৰ অধ্যক্ষ আৰু উপাধ্যক্ষ প্রমুখ্যে উচপদস্থ বিষয়াসকল উপস্থিত থাকে। আনহাতে, অনুষ্ঠানতে বয়ন শিল্পত নৈপুণতা আৰু কর্মদক্ষতা প্রদর্শনৰ বাবে মুখ্যমন্ত্ৰীয়ে বঁটা প্ৰদান কৰাৰ লগতে সৌৰ চাকি আৰু বয়ন শিল্পৰ বিভিন্ন যন্ত্রপাতি হিতাধিকাৰীৰ মাজত বিতৰণ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে শিপিনী সমাৰােহৰ উপলক্ষে আয়োজন কৰা প্রদর্শনীও পৰিদৰ্শন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply