শিৱসাগৰত আৰক্ষীৰ অভিযানত অবৈধ খাৰুৱা তেলৰ ঘাটি উৎখাত

শিৱসাগৰ – শিৱসাগৰৰ শিলৰ ক্ৰেছাৰত অবৈধ খাৰুৱা তেলৰ ঘাটি৷ আৰক্ষীৰ অভিযানত অবৈধ খাৰুৱা তেলৰ ঘাটি উৎখাত। গ্ৰেপ্তাৰ ৪ জনকৈ লোক। জব্দ অবৈধ তেল তেল চুৰিত ব্যৱহৃত টেংকাৰ।

উজনি অসমৰ কুখ্যাত তেল চোৰ দিগন্ত চেতিয়াৰ নিৰ্দেশত টেংকাৰৰ পৰা তেল চুৰিৰ অভিযোগ৷ শিৱসাগৰ জিলাৰ হাঁহচৰাৰ শিলৰ ক্ৰেছাৰত স্থানীয় লোকৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে এন এল-০২-এল-৩২৯১ নম্বৰৰ তেল চুৰিত ব্যৱহৃত টেংকাৰ৷

শিৱসাগৰৰ প্ৰাক্তন বিধায়ক প্ৰণৱ গগৈৰ পুত্ৰৰ মালিকনাধীন শিলৰ ক্ৰেছাৰটো লীজত লৈ চলাই আছিল মহেশ দাস নামৰ এজন ব্যক্তিয়ে৷ তেলচোৰ দিগন্তই ক্ৰেছাৰৰ কৰ্মচাৰীক ভাবুকি দি ক্ৰেছাৰত তেল চুৰিৰ ঘাটি পতাৰ অভিযোগ ক্ৰেছাৰৰ মেনেজাৰৰ পুত্ৰৰ। শিৱসাগৰ চেৰেকাপাৰ আৰক্ষীৰ নিজাববীয়া গোচৰ ৰুজু।

তেল চুৰিৰ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীৰ জালত পৰিছে নাজিৰাৰ নাজিম আলী ওৰফে বাবাটু, প্ৰণৱ গগৈ, চেৰেকাপাৰ ডিমুৱালৰ চিনু বকটীয়াল আৰু হীৰেন গোঁহাই। আৰক্ষীয়ে তেল চোৰৰ অভিযুক্ত দলটোক শিৱসাগৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ লগতে তিনিদিনৰ বাবে জিম্মাত বিচাৰিছে।

ইফালে চেৰেকাপাৰ আৰক্ষী চকীৰ বিষয়া মহেন্দ্ৰ নাথ বৰাৰ বিৰোদ্ধে তেল চুৰিৰ মূল নায়ক দিগন্ত চেতিয়াক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ তুলিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৪ অভিযুক্ত৷ অভিযুক্ত কেইটাৰ অভিযোগ যে দিগন্ত চেতিয়াক ৰক্ষণাবেক্ষণ দিবলৈ আৰক্ষীয়ে বলিৰ পঠা সজাইছে তেওঁলোকক৷

উল্লেখ্য যে দীৰ্ঘদিনে উজনি অসমত তেল চুৰিৰে সন্ত্ৰাস সৃষ্টি কৰি অহা দিগন্ত চেতিয়া পূৰ্বেও তেল চুৰি, কেমিকেল চুৰিত লিপ্ত থকাৰ বাবে বহুবাৰ কাৰাগাৰলৈ গৈছে। শেহতীয়াভাৱে দিগন্ত চেতিয়াক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply