ভাৰতত আৰম্ভ হ’ব জিঅ’ৰ ৫জি সেৱা

নিউজ ডেস্ক- শীৰ্ঘ্ৰেই ভাৰতত আৰম্ভ হ’ব জিঅ’ৰ ৫জি সেৱা। ২০২১ বৰ্ষৰ মাজভাগৰ পৰা ভাৰতত উপলব্ধ হব জিঅ’৫জি। মঙলবাৰে ইণ্ডিয়া ম’বাইল কংগ্রেছ ২০২০ এই কথা ব্যক্ত কৰে ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে।

ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষগৰাকীয়ে ভাষণত কয়, ‘ভাৰত বৰ্তমান বিশ্বৰ অন্যতম ডিজিটেলী কানেক্টেড দেশসমূহৰ ভিতৰত অন্যতম। এই ধাৰা বজাই ৰাখিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ৫জি সেৱা যাতে সকলোৱে লাভ কৰে। আৰু গ্ৰাহকৰ যাতে সাধ্যৰ খৰচত উপলব্ধ হয় সেই বিষয়টো গুৰুত্ব দিয়া প্ৰয়োজন।’

লগতে মুকেশ আম্বানীয়ে কয়, ‘দেশত এতিয়াও ৩০ কোটি গ্ৰাহকে ২জি ব্য়ৱহাৰ কৰি আছে। ৫জি নেটৱৰ্ক ব্য়ৱহাৰৰ ফলত মবাইল আৰু কম্পিউটাৰত হাই স্পীডত ইন্টাৰনেট সেৱা উপলব্ধ হৱ। এই সুবিধাৰ পৰা বঞ্চিত লোকসকলৰ হাতত সাধ্য অনুযায়ী দামত স্মাৰ্ট ফোন তুলি দিয়া প্ৰয়োজন। তেতিয়াহ’লে তেওঁলোকেও সকলো সুবিধা লাভ কৰিব আৰু ডিজিটেল অৰ্থনীতিৰ অংশীদাৰ হ’ব পাৰিব।’

আনহাতে, জিঅ’ই গুগুলৰ সৈতে একলগ হৈ সুলভ মূল্যত এণ্ড্ৰইড ফোন নিৰ্মানৰ বাবে কাম কৰি আছে আগন্তক বছৰৰ প্ৰথম মাহতেই এই ফোন বজাৰলৈ আহিব। সুলভ মূল্যতেই এই ফোন উপলব্ধ হব বুলি মন্তব্য কৰে ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply