কামপুৰ: আজি ১৪ ফেব্ৰুৱাৰী। ১৯৮৩ চনৰ অসম আন্দোলনত আজিৰ দিনটোত বৰক’লাৰ বীৰ যুৱক চন্দন সিং শ্বহীদ হৈছিল। আজিৰ শ্বহীদ জনৰ ৩৯ সংখ্যক শ্বহীদ দিৱসত স্মৰণ কৰি শ্বহীদ জনৰ বৰক’লাৰ বাসগৃহত এটি শ্বহীদ স্তম্ভ উন্মোচন কৰে অসমীয়া শিখ সন্থাৰ সভাপতি তথা ডিফুৰ সাংবাদিক ৰাজবীৰ সিঙে। শিখ সমাজ আৰু শংকৰী চৰণ কীৰ্ত্তনেৰে অনুষ্ঠিত উন্মোচনী অনুষ্ঠানত বহু লোকৰ সমাগম হয়।
ইফালে বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত থকা বীৰ শ্বহীদ জনৰ স্তম্ভতো স্মৰণ কৰে। অসম আন্দোলনত শ্বহীদ হোৱা বৰক’লাৰ শ্বহীদ কৰম সিং আৰু শ্বহীদ বলীন্দ্ৰ মজুমদাৰৰ লগতে অসম আন্দোলনত শ্বহীদ হোৱা ৮৫৫ জন শ্বহীদকো স্মৰণ কৰে।