সংযুক্ত কিছান মৰ্চাই গঠন কৰিলে পাঁচ জনীয়া সমিতি

নিউজ ডেস্ক– দিল্লীৰ সীমাত প্ৰতিবাদী কৃষকৰ বৰ্তমানেও অব্যাহত ৰাখিছে নতন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ । বহুবাৰ আলোচনা হৈছে যদিও কেন্দ্ৰীয় চৰকাৰে পুণৰ কৃষক সকলৰ সৈতে আলোচনাৰ প্ৰস্তাৱ দিছে |

এইবাৰ সংযুক্ত কিছান মৰ্চাই পাঁচ জনীয়া এখন সমিতি গঠন কৰিছে। সমিতিখনত আছে প্ৰেম সিং ভাঙ্গু, হৰেন্দ্ৰ সিং লখোৱাল, কুলদ্বীপ সিং আদি । চৰকাৰৰে কৃষক সকলক দিয়া প্ৰস্তাৱ সন্দৰ্ভত কৃষক নেতাসকলৰ ৫ জনীয়া সমিতি খনে সিদ্ধান্ত ল’ব। কৃষক নেতাসকলৰ পাঁচ জনীয়া সমিতিয়ে চৰকাৰৰ প্ৰস্তাৱত খচৰা প্ৰস্তুত কৰিব আৰু তাৰ পিছত সেই খচৰাৰ ওপৰত ৪০ জন কৃষক নেতাৰ সৈতে বৈঠকত বহিব।

আনহাতে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বুধবাৰে শীঘ্ৰে কৃষক সকলে আন্দোলন প্ৰত্যাহাৰ কৰিব ।

প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে টুইট যোগে কয় যে ” দেশৰ সন্মানীয় কৃষক নেতা চৌধুৰী চৰণ সিং জন্মবাৰ্ষিকীত শ্ৰদ্ধা জ্ঞাপন কৰি কৃষকসকলৰ সমস্যা বোৰত মাত মাতিছিল আৰু তেওঁলোকৰ কল্যাণৰ বাবে কাম কৰিছিল । দেশে তেওঁৰ অৱদান সদায়ে মনত ৰাখিব”।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply