মানকাচৰ – সদৌ অসম প্ৰশাসনিক কৰ্মচাৰী সন্থাৰ সৰ্বাত্মক অসহযোগৰ আজি দ্বিতীয় দিন। দহ দফীয়া দাবীৰে দুদিন ধৰি সদৌ অসম প্ৰশাসনিক কৰ্মচাৰী সন্থাই অব্যাহত ৰাখিছে প্ৰতিবাদ। হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত অৱস্থান কৰি এই অসহযোগ অব্যাহত ৰাখিছে জিলা প্ৰশাসনিক কৰ্মচাৰী সন্থাই।

হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কার্যলায়ৰ সম্মুখত জিলা প্ৰশাসনিক কৰ্মচাৰী সন্থাৰ সৰ্বাত্মক অসহযোগ আন্দোলন। জিলা উপায়ুক্ত, চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কাম কাজ বন্ধ কৰি দহ দফীয়া দাবী পূৰণ নহ’লে বিধানসভাৰ নিৰ্বাচন বর্জনৰ ভাবুকি চৰকাৰক। সদৌ অসম জিলা প্ৰশাসনিক কৰ্মচাৰী সন্থাৰ আহ্বানত আজি দ্বিতীয় দিনাও দক্ষিণ শালমাৰা মানকাচৰ জিলা সমিতিয়ে হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত সৰ্বাত্মক অসহযোগ আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰিছে।

জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু দুখনকৈ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কাম কাজ বন্ধ হৈ পৰাৰ লগতে প্ৰশাসনিক কৰ্মচাৰী সন্থাৰ ১০ দহ দফীয়া দাবী পূৰণ নহ’লে প্ৰশাসনিক কৰ্মচাৰী সন্থাই আগন্তক বিধানসভাৰ নিৰ্বাচন বৰ্জন কৰিব বুলি ভাবুকি প্ৰদান কৰে কৰিছে। উল্লেখযোগ্য শুকুৰবাৰে পুৱা ১০ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনিক কৰ্মচাৰী সন্থাই হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত সৰ্বাত্মক অসহযোগ আন্দোলনৰ কাৰ্য্যসূচী আৰম্ভ কৰিছিল।

জিলা প্ৰশাসনিক কৰ্মচাৰী সন্থাৰ সভাপতি ছামছুল বাৰী চৰকাৰ আৰু সাধাৰণ সম্পাদক জগদীশ চন্দ্ৰ ৰয়ৰ নেতৃত্বত জিলাখনৰ জিলা উপায়ুক্তৰ কাৰ্যালয়, মানকাচৰ আৰু দক্ষিণ শালমাৰা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ প্ৰায় শতাধিক প্ৰশাসনিক কৰ্মচাৰীয়ে হাটশিঙিমাৰীস্থ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত অৱস্থান কৰি সৰ্বাত্মক অসহযোগ কাৰ্য্যসূচী ৰূপায়ন আৰম্ভ কৰিছে। কৰ্মচাৰীসকলে জিলা উপায়ুক্তৰ কার্যলায়, মানকাচৰ আৰু দক্ষিণ শালমাৰা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কাম কাজ স্থগিত কৰি ৰাখি এই প্ৰতিবাদ সাব্যস্ত কৰিছে। সৰ্বাত্মক অসহযোগ আন্দোলনৰ সময়ত প্ৰশাসনিক কৰ্মচাৰী সকলে অৱস্থান কৰি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলা পৰিলক্ষিত হয়।

প্ৰশাসনিক কৰ্মচাৰী সন্থাৰ দহ দফীয়া দাবী পূৰ্ণন কৰিব লাগিব, আমাৰ দাবী মানিব লাগিব আদি শ্ল’গানেৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখৰ পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে। ইফালে মানকাচৰ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু দক্ষিন শালমাৰা চক্ৰ বিষয়াৰ কাৰ্যালয়তো একেদৰে প্ৰশাসনিক কৰ্মচাৰী সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি দহ দফীয়া দাবী পূৰণৰ দাবী জনায়।

কৰ্মচাৰী সন্থাৰ এনে প্ৰতিবাদৰ ফলত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়, মানকাচৰ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু দক্ষিণ শালমাৰা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কাম কাজ স্থগিত হৈ পৰিছে। সৰ্বসাধাৰণ ৰাইজ কামৰ বাবে আহি উভতি যাবলগীয়া হৈছে কাৰ্যালয় সমূহৰ পৰা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply