নিউজ ডেস্ক: ৭৫বছৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিকে দিব নালাগে আয়কৰ। ৭৫বছৰৰ ওপৰৰ পেঞ্চনপ্ৰাপ্ত জ্যেষ্ঠ নাগৰিকৰ বাবেহে এই নিয়ম প্ৰযোজ্য হব। ইফালে প্ৰৱাসী ভাৰতীয় সকলৰ ডাবল টেক্স ব্যৱস্থাৰ অৱসান ঘটোৱাৰ কথা বাজেট ভাষণত এই ঘোষণা কৰিলে নিৰ্মলা সীতাৰমণে। কিন্তু এইবাৰ বাজেটত ইনকাম টেক্স শ্লেবত কোনো পৰিৱৰ্তন কৰা নাই।
ডিজিটেল পদ্ধতিৰে হব পৰৱৰ্তী লোকপিয়ল। ইয়াৰ বাবেও বাজেটত ১৫০০কোটি টকা ধাৰ্য কৰা হৈছে।
দেশত ১০০খন নতুনকৈ সৈনিক স্কুল স্থাপন। লাডাখত কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন। ৪ কোটি অনুসূচিত জাতি-জনজাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৩৫হাজাৰ কোটি টকা ধাৰ্য, বিত্তমন্ত্ৰীৰ।
অসংগঠিত শ্ৰমিক বাহিনীৰ বাবে গিগ শ্ৰমিক, ভৱন নিৰ্মাণ কৰা কৰ্মীসকলৰ বিষয়ে প্ৰাসঙ্গিক তথ্য সংগ্ৰহ কৰাৰ বাবে এটা পৰ্টেল আৰম্ভ কৰাৰ প্ৰস্তাৱ। ই প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ বাবে স্বাস্থ্য, গৃহ, দক্ষতা, বীমা ক্ৰেডিট আৰু খাদ্য আঁচনি প্ৰস্তুত কৰাত সহায় কৰিব বুলি মন্তব্য কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ।
কেন্দ্ৰীয় চৰকাৰে বীমা আইন সংশোধন কৰি এফডিআইৰ সীমা ৪৯ শতাংশৰ পৰা ৭৪ শতাংশলৈ বৃদ্ধি কৰিব। কোম্পানী আইন ২০১৩ সংশোধনৰ প্ৰস্তাৱ লৈ আহিব। সৰু কোম্পানীবোৰৰ মূলধনৰ সীমা ৫০ লাখ টকাৰ পৰা ২ কোটি টকালৈ বৃদ্ধি কৰা হ’ব। এই সৰু কোম্পানীবোৰৰ বাবে মুঠ লেনদেন ২ কোটি টকাৰ পৰা ২০ কোটি টকালৈ বৃদ্ধি কৰা হ’ব।