নিউজ ডেস্ক:- দেশৰ অন্যতম ৰাজ্য বিহাৰত ৪ বছৰ পূৰ্বে নিতীশ কুমাৰে সুৰামুক্ত ৰাজ্য হিচাপে ঘোষণা কৰিছিল । সেই লৈ ৰাজ্য খনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল | প্ৰথম অবস্থাত ঠায়ে ঠায়ে প্ৰতিবাদ হৈছিল যদিও ৰাজ্যখনৰ মহিলা সমাজে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছিল | কিন্তু শেহতীয়াকৈ সেই সুৰামুক্ত ৰাজ্যই লাভ কৰিছে এক বিশেষ সন্মান। এইবাৰ
বিহাৰে এই সুনাম গঢ়িছে দেশৰ ভিতৰতে সুৰাপায়ীৰ ক্ষেত্ৰত শীৰ্ষস্থান লাভেৰে। তথ্য অনুসৰি বিহাৰে মহাৰাষ্ট্ৰক চেৰ পেলাই সৰ্বাধিক পুৰুষ সুৰাপায়ী সকলৰ ভিতৰত দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিছে।
শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ ২০১৯-২০ ত প্ৰকাশ পাযইছে এই তথ্য। এই তালিকাৰ একেবাৰে নিম্ন পৰ্যায়ত আছে গুজৰাট আৰু জম্মু কাশ্মীৰ।
উল্লেখ্য যে এই জৰীপ মতে উত্তৰ-পূৰ্বাঞ্চল ধপাঁত সেৱনৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে | আৰু দেশৰ ভিতৰতে সৰ্বাধিক মহিলা সুৰাপায়ীৰে এই তালিকাৰ শীৰ্ষত আছে উত্তৰ-পূৱৰ ছিক্কিম আৰু অসম। ধঁপাত সেৱনৰ ক্ষেত্ৰত শীৰ্ষত আছে মিজোৰাম(৭৭.৮%) আৰু একেবাৰে নিম্ন স্থানত আছে হিমাচল প্ৰদেশ (১.৭%)।
জৰীপটোত প্ৰকাশ পোৱা তথ্য মতে উত্তৰ-পূৱৰ ৰাজ্যসমূহত কৰ্কট ৰোগীৰ সংখ্যাও বেছি | জৰীপত প্ৰকাশ পোৱা তথ্য অনুসৰি, দেশৰ নগৰত বসবাস কৰা মহিলাতকৈ গাৱঁত বাস কৰা মহিলা সুৰাপায়ী অধিক। এই ক্ষেত্ৰত গাওঁ আৰু নগৰত বাস কৰা পুৰুষ সুৰাপায়ী প্ৰায় সমান।