সোণাৰি- ৰাজ্যচৰকাৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে আছুৱে | কা বাতিলৰ দাবীৰ লগতে আছু কৰ্মীৰ ওপৰত আৰক্ষীৰ আতিশয্যৰ ওপৰত চলি থকা প্ৰতিবাদী কাৰ্যসূচীৰ অধীনত
সোণাৰিতো আছুৰ প্ৰতিবাদী কাৰ্যসূচীয়ে উত্তাল কৰি তোলে। মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাই। শেহতীয়াকৈ আছুৰ প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত আৰক্ষীয়ে আছুকৰ্মীক প্ৰহাৰ কৰা ঘটনাৰ বিৰুদ্ধে এই প্ৰতিবাদ।
চৰাইদেউ জিলাত ১৪৪ ধাৰা অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখতে সাব্যস্ত কৰিলে প্ৰতিবাদ। আনহাতে মাহমৰা আঞ্চলিক ছাত্ৰ সন্থায়ো মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।