হিমন্ত বিশ্ব শৰ্মা

গোৰেশ্বৰ – বিটিচি নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ তীব্ৰতৰ ৰূপ লৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বাকযুদ্ধই। কালি ওদালগুৰিৰ কবিৰালী আৰু বান্দৰগুৰিত অনুষ্ঠিত বিপিএফৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি পুনৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লয় হাগ্ৰামা মহিলাৰীয়ে। সমান্তৰালকৈ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীকো আক্ৰমণৰ লক্ষ্য হিচাপে ল’লে হাগ্ৰামা মহিলাৰীয়ে।

মহিলাৰীয়ে হিমন্ত বিশ্ব শৰ্মাক আছুৰ পৰা খেদা খোৱা নেতা আৰু বিশ্বজিৎ দৈমাৰীক এব্‌ছুৰ পৰা খেদা খোৱা নেতা আখ্যা দিয়ে। তেওঁ কয় দুই খেদা খোৱাই এতিয়া লগ লাগিছে। মহিলাৰীয়ে লগতে কয় যে হিমন্ত বিশ্ব শৰ্মাই নিজক বচাবলৈহে কংগ্ৰেছ এৰি বিজেপি জাঁপ মাৰিছে। কংগ্ৰেছৰ দিনত যিটো কেলেংকাৰী কৰিছে, কংগ্ৰেছত থাকিলে নাবাচিলহেতেন। মহিলাৰীয়ে লগতে হিমন্ত বিশ্ব শৰ্মা মাটিৰ পট্টা দিয়া মালিক নেকি বুলিও প্ৰশ্ন কৰে।

হিমন্ত বিশ্ব শৰ্মা য’ত থাকে তাত গণ্ডগোল হ’বই হ’ব বুলিও কয় মহিলাৰীয়ে। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰক হিমন্ত বিশ্ব শৰ্মাৰ ইস্তাহাৰ বুলিও আখ্যা দিয়ে হাগ্ৰামা মহিলাৰীয়ে। ইপিনে, বিটিআৰ চুক্তিৰ খচৰা প্ৰমোদ বড়ো আৰু হিমন্ত বিশ্ব শৰ্মাই বনোৱাৰ লগতে এনডিএফবিৰ চাৰিটা গোটে এই সন্দৰ্ভত অজ্ঞাত আছিল বুলিও মন্তব্য কৰে মহিলাৰীয়ে। পৰিষদ গঠন হ’লে বিটিআৰ চুক্তি হাতেৰে নুচুওঁ বুলিও মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে। অৱশ্যে চুক্তি অনুসৰি প্ৰাক্তন এনডিএফবিসকলক পুনৰ্সংস্থাপন দিয়াৰ পোষকতা কৰে মহিলাৰীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply