হোজাই – হোজাই জিলাৰ উপায়ুক্ত ছাদনেক সিঙৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে দল-সংগঠনৰ লগতে স্থানীয় ৰাইজ৷ উপায়ুক্ত গৰাকীৰ হেমাহিৰ বাবে হোজাইত বহু উন্নয়নমূলক কাম বন্ধ হৈ থকাৰ অভিযোগ উথাপিত হৈছে। মাটি বিক্ৰীৰ অনুমতি প্ৰদান কৰা নাই উপায়ুক্ত গৰাকীয়ে যাৰ বাবে দৰিদ্ৰ শ্ৰেণীৰ লোকসকল ব্যাপক সমস্যাৰ সন্মুখীন হৈছে৷ সন্তানৰ শিক্ষা-দীক্ষা. চিকিৎসা তথা কন্যাৰ বিবাহৰ বাবে মাটি বিক্ৰী কৰিব নোৱাৰি পানীত হাঁহ নচৰা অৱস্থা হৈছে ৰাইজৰ৷

হোজাইৰ উপায়ুক্ত ছাদনেক সিঙৰ হেমাহিত উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰতিটো বিভাগতে দূৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে৷ হোজাইৰ উপায়ুক্ত গৰাকীয়ে জিলাখনত হাজাৰ হাজাৰ বিঘা চৰকাৰী মাটি বেদখল মুক্ত নকৰি হাম হস্পিটেলৰ সন্মুখৰ দেৱাল ভঙাললৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। উপায়ুক্ত গৰাকীয়ে ৰাজনৈতিক প্ৰৰোচনাত হোজাইৰ হাম হস্পিটেলৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰি জেচিবিৰে হস্পিটেলখনৰ দেৱাল ভঙাৰ লগতে বৈদ্যুতিক খুটাৰ ক্ষতিসাধন কৰিছে বুলিও ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে।

হাম হস্পিটেলৰ দেৱাল ভাঙি দিয়াৰ ফলত হস্পিটেলখনত যিকোনো মুহূৰ্ততে ভয়ংকৰ ক্ষতিসাধন হোৱাৰ আশংকা প্ৰকাশ কৰিছে সচেতন মহলে৷ হাম হস্পিটেলৰ সন্মুখেৰে নিৰ্মান হ’বলগীয়া অসম মালাৰ পথছোৱাৰ বাবে হস্পিটেলখনে সন্মুখৰ মাটি এৰি দিয়াৰ পিছতো উপায়ুক্ত গৰাকীয়ে দেৱালখন ভাঙি দিয়াক লৈ হোজাইত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ৷ হস্পিটেলৰখনৰ প্ৰৱেশ পথ ভাঙিবলৈ চেষ্টা কৰাকলৈও হোজাইত সৃষ্টি হৈছে উত্তেজনাৰ৷

উল্লেখ যে ১৯৯০ চনতে অসমৰ ৰাজ্যপাল এল এন মিশ্ৰ, কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজেশ পাইলটৰ নিৰ্দেশমৰ্মে অসমৰ ৰাজহ বিভাগৰ সচিব আৰু নগাঁৱৰ উপায়ুক্তই এই মাটিখিনি হাম হস্পিটেলক চমজাই দিছিল৷ ইয়াৰ পিছতো ৰাজনৈতিক কাৰণত হাম হস্পিটেলত এনেদৰে তহিলং চলোৱা কাৰ্যক গৰিহনা দিছে সচেতন মহলে৷ হোজাইৰ উপায়ুক্তৰ কাৰ্যালয়ত চলি থকা দূৰ্নীতি বন্ধ কৰাৰ লগতে ৰাইজৰ কল্যানৰ সলনি ধ্বংসাত্মক কাৰ্যত উপযুক্ত গৰাকী লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰি উপায়ুক্ত গৰাকীক বদলি কৰাৰ দাবী জনাইছে সচেতন মহলে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply