৯ জানুৱাৰীৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত ৰূপায়ন কৰা হ'ব "কা" বিৰোধী আন্দোলন

গুৱাহাটী – ৰাজ্যত পুনৰ তীব্রতৰ ৰূপত গঢ়ি তোলা হ’ব “কা” বিৰোধী আন্দোলন। ৯ জানুৱাৰীৰ পৰা তীব্রতৰ কৰি তোলা হ’ব “কা” বৰোধী আন্দোলন। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত ৯ জানুৱাৰীৰ পৰা ৰূপায়ন কৰা হ’ব “কা” বিৰোধী আন্দোল। ৰূপায়ন কৰা হ’ব অৱস্থান ধৰ্মঘট, জোৰ সমদল আৰু পথসভা কাৰ্যসূচী।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে “কা”ৰ বিৰোধিতা কৰি জানুৱাৰী মাহত ৰূপায়ন কৰিব কেইবাটাও প্ৰতিবাদী কাৰ্যসূচী। কৰ’ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা পৰিস্থিতিৰ ফলস্বৰূপে ৰাজ্যত স্তব্ধ হৈ পৰা “কা” বিৰোধী আন্দোলন পুনৰ ৰাইজৰ মাজলৈ নিয়াৰ লক্ষ্যৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নামিব ৰাজপথত।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই এক সংবাদমেল অনুষ্ঠিত কৰি কয় যে “বিশ্বব্যাপী কৰ’ণা মহামাৰীৰ বাবে স্তব্ধ হৈ পৰা “কা” বিৰোধী আন্দোলন পুনৰ তীব্রতৰ কৰি তুলিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে”। ৯ জানুৱাৰীৰ পৰা ৰাজ্যজুৰি “কা” বিৰোধী আন্দোলন আৰম্ভ কৰা হ’ব।

৯ জানুৱাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত সমগ্ৰ ৰাজ্যতে “কা”ৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হ’ব। পুনৰ মাঘ বিহুৰ পিছত ২০ জানুৱাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত ৰাজ্যৰ প্রান্তে প্রান্তে “কা” বাতিলৰ দাবীত উলিওৱা হ’ব জোৰ সমদল। ইয়াৰ পিছতে ২৭ জানুৱাৰীত “কা”ৰ বিৰোধিতাত সমগ্ৰ ৰাজ্যতে অনুষ্ঠিত কৰা হ’ব পথসভা।

উল্লেখ্য যে, “কা” বাতিলৰ লগতে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা কৰা, বৃহৎ নদী বান্ধৰ বিৰুদ্ধে, ৰাজহুৱা সম্পত্তি ব্যক্তিগত কৰণৰ বিৰুদ্ধে আৰু মৃত উদ্যোগ সমূহ পুনৰ উৎজীৱিত কৰাৰ দাবী জনাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। ২৭ জানুৱাৰীত “কা”ৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত ৰাজ্যজুৰি ৫০০ পথসভা অনুষ্ঠিত কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply