কোকৰাঝাৰ – “তৃতীয় বড়ো শান্তি চুক্তি অনুসৰি এন ডি এফ বি নেতা ৰঞ্জন দৈমাৰীকে ধৰি সকলো কাৰাৰুদ্ধ এন ডি এফ বি ৰ নেতা সদস্য মুকলি আকাশৰ তললৈ আহিব লাগিছিল ৷ কিন্তু সেয়া হৈ নুঠাটো অত্যন্ত দুৰ্ভাগ্যজনক ৷ অৱশ্যে কৰ’না মহামাৰীৰ বাবে আদালতৰ কামকাজত স্থবিৰতা অহাৰ বাবেও এই প্ৰক্ৰিয়াত অসুবিধাৰ সৃষ্টি হৈছে ৷ আমি সকলো নেতা কৰ্মী কাৰাগাৰৰ পৰা ওলাই অহাটো বিচাৰো ৷ তেতিয়াহে বড়ো চুক্তিক মৰ্যদা দিয়া হ’ব ৷” কালি বাক্সা জিলাৰ বাগানপাৰাত অনুষ্ঠিত বি পি এফৰ এখন নিৰ্বাচনী সভাত অংশ লৈ এইদৰে কয় নাৰী মানৱাধিকাৰ কৰ্মী তথা বিপিএফত চামিল হোৱা নেত্ৰী অঞ্জলী দৈমাৰীয়ে ৷

বাগানপাৰাত অনুষ্ঠিত আজিৰ মহিলা সমাৰোহত দৈমাৰীয়ে লগতে কয় যে সাম্প্ৰতিক সময়ত মহিলাসকল সামাজিক আৰু ৰাজনৈতিকভাবে সচেতন হ’ব লাগিব ৷ ইয়াৰ পাছত তেওঁলোকক অৰ্থনৈতিকভাবে স্বাৱলম্বী কৰাৰ ব্যৱস্থা কৰিব লাগিব ৷ নিৰ্বাচনৰ আগমুহুৰ্তত আমি কাৰোবাক বেয়া পাওঁ বুলিয়ে সমালোচনা কৰিলে নহ’ব ৷ প্ৰকৃত কাৰণ উলিয়াব লাগিব ৷ কাৰণ মহিলাসকলে সমাজৰ গুৰি বঠা নিয়ন্ত্ৰণ কৰি থাকে ৷ গতিকে মহিলাসকলে সঠিক দিশত আগবাঢ়িব লাগিব ৷

দৈমাৰীয়ে কয়, “ভাৰত স্বাধীন হোৱাৰ ৭৪ বছৰ হোৱাৰ সময়ত বিটিচিৰ মহিলাসকলৰ আজি পৰ্যন্ত উন্নতি হোৱা নাই ৷ অৱশ্যে বিপিএফ দলে মহিলাসকলৰ আৰ্থিক উন্নয়ণত যথেষ্ট গুৰুত্ব দিছে ৷” দৈমাৰীয়ে কয়, “আগতে মই অৰাজনৈতিকভাবে মানৱ অধিকাৰৰ হকে কাম কৰিছিলো ৷ কিন্তু আজি মই ৰাজনৈতিকভাবে এই সংগ্ৰাম অব্যাহত ৰাখিম ৷”

আনহাতে বিপিএফৰ সাধাৰণ সম্পাদক প্ৰবীন বড়োই কয়, BJP আৰু বি পি এফৰ মাজত কোনো ধৰণৰ সংঘাত হোৱা নাই ৷ বি পি এফ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে বি জে পিলৈ যাব পাৰে কিন্তু সাংসদ বিশ্বজিৎ দৈমাৰী কেতিয়াও বি জে পি লৈ নায়ায় ৷ ২০২১ চনলৈ বি জে পি আৰু বি পি এফৰ মিত্ৰতা অক্ষুন্ন থকাৰ কথা উল্লেখ কৰি ৰাজনৈতিক উত্থানৰ কাৰণে প্ৰত্যেক দলে নিজৰ নিজৰ দৃষ্টিভংগীৰে আগবাঢ়িব বুলি মন্তব্য কৰে প্ৰবীন বড়োই ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply