গুৱাহাটী – অসম লোকসেৱা আয়োগৰ অপসাৰিত অধ্যক্ষ ৰাকেশ পালৰ বিৰুদ্ধে মোকর্দমা চলাবৰ বাবে অনুমতি দিছে দেশৰ ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে৷ ৰাষ্ট্রপতিৰ অনুমতি লাভ কৰাৰ পাছত এতিয়া দুর্নীতিগ্রস্ত পালৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰসমূহে অগ্রগতি লাভ কৰিব৷

উল্লেখ্য যে দুর্নীতিৰ অভিযোগত গ্রেপ্তাৰ হোৱাৰ পাছত দীর্ঘদিন গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত বন্দী হৈ আছে অসম লোকসেৱা আয়োগৰ অপসাৰিত অধ্যক্ষজন৷

বিগত সময়ছোৱাত তেওঁ জামিনৰ বাবে উচচতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও জামিন লাভ কৰা নাছিল৷ আনহাতে, তেওঁৰ বিৰুদ্ধে চলি থকা গোচৰসমূহৰো কোনো অগ্রগতি হোৱা নাছিল৷

মন কৰিবলগীয়া যে অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হৈ থকাৰ সময়ত ৰাকেশ পালে বক্র পথেৰে কোটি কোটি টকাৰ সা-সম্পত্তিৰ পাহাৰ গঢ়িছিল৷ এই সন্দর্ভত আনকি চি বি আয়েও এটা গোচৰ ৰুজু কৰিছিল৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply