গুৱাহাটী– জীৱন-মৃত্যুৰে সৈতে যুঁজি যুঁজি অৱশেষত চিৰ বিদায় মাগিলে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। কেবাটাওঁ অংগ বিকল হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সন্ধিয়া ৫বাজি ৩৪ মিনিটত মৃত্যুবৰণ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।মৃতু্্য়ৰ সময়ত গগৈৰ বয়স আছিল ৮৬ বছৰ।

একেৰাহে কে’বাবাৰো কভিড-১৯ত সংক্ৰমিত হোৱা মুখ্য়মন্ত্ৰীগৰাকীক তিনিমাহ চিকিৎসাৰ অন্তত যোৱা ২৫ অক্টোবৰত ঘৰলৈ যাবলৈ দিয়া হৈছিল।

শ্বাস-প্ৰশ্বাসত হোৱা কষ্টৰ বাবে ১নৱেম্বৰত মুখ্য়মন্ত্ৰীগৰাকীক পুনৰ ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত।

শনিবাৰৰ পৰা স্বাস্থ্য়ৰ অধিক অৱনতি ঘটা মুখ্য়মন্ত্ৰীগৰাকীক মেকানিকেল ভেন্টিলেশ্য়নত ৰখা হৈছিল।

১৯৩৪ চনৰ ১১ অক্টোবৰত অসমৰ যোৰহাট ৰঙাজান চাহবাগিছাত জন্মগ্ৰহণ কৰিছিল প্ৰাক্তণ মুখ্য়মন্ত্ৰীগৰাকীয়ে।

গগৈয়ে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্য়মিক আৰু বহুমূখী বালক বিদ্য়ালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্য়ালয়ৰ পৰা তেওঁ কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে ।

মুখ্যমন্ত্ৰী গগৈ গুৱাহাটী বিশ্ববিদ্য়ালয়ৰ আইন বিষয়ৰো স্নাতক।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০০১ চনৰ পৰা ২০১৬ চনলৈ একেৰাহে অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল।

ছবাৰকৈ তেওঁ লোকসভাৰ সাংসদ হিচাপেওঁ নিৰ্বাচিত হৈছে। লগতে তেওঁ পাচঁবাৰকৈ অসম বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে।২০০১চনৰ পৰা ২০১৬ লৈকে বিধানসভাৰ নিৰ্বাচনত বিজয়ী হৈ তেওঁ একেৰাহে চাৰিবাৰকৈ তিতাবৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাবে নিৰ্বাচিত হৈছে।

মৃত্যুৰ সময়ত তেওঁ পত্নী ডলী গগৈ, জীয়ৰী চন্দ্ৰিমা গগৈ,পুত্ৰ সাংসদ গৌৰৱ গগৈ,বোৱাৰী এলিজাবেথৰ লগতে অজস্ৰ গুণমুগ্ধক এৰি থৈ যায়।

তেওঁৰ মৃত্যুত শোকত ম্ৰিয়মাণ হৈ পৰে সমগ্ৰ অসমবাসী। অসমবাসী ৰাইজে এজন সুদক্ষ ৰাজনীতিবিদক হেৰুৱায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply