গুৱাহাটী – ৰাজপথৰ ওপৰতে জ্বলি ভস্মীভূত হ’ল মৃত্যুঞ্জয় এম্বুলেঞ্চ। গণেশগুৰিত ৰাজপথৰ ওপৰত জ্বলিল মৃত্যুঞ্জয় এম্বুলেঞ্চ। ৰোগী কঢ়িয়াই নিয়া অৱস্থাত অগ্নিকাণ্ড সংঘটিত হয় মৃত্যুঞ্জয় এম্বুলেঞ্চখনত। ৰক্ষা পৰে ৰোগীৰ লগতে মৃত্যুঞ্জয় এম্বুলেঞ্চখনৰ কর্মী।

মঙলাবাৰে দুপৰীয়াৰ ভাগত গণেশগুৰিত হঠাৎ ৰাজপথৰ ওপৰত জ্বলি উঠে এখন মৃত্যুঞ্জয় এম্বুলেঞ্চ। ৰোগী কঢ়িয়াই নিয়া অৱস্থাত মৃত্যুঞ্জয় এম্বুলেঞ্চখনত যান্ত্ৰিক বিজুতি ঘটাত চালকজনে এম্বুলেঞ্চখন পথৰ ওপৰত ৰখাই দিয়ে। ইয়াৰ কিছুসময় পিছতে দাওদাও কৈ পথৰ ওপৰতে জ্বলি উঠে এম্বুলেঞ্চখন।

ৰাজপথৰ ওপৰত এম্বুলেঞ্চখন জ্বলি উঠাত ৰাইজ আতংকিত হৈ পৰে। ইফালে এম্বুলেঞ্চখনৰ কর্মী সকলে তৎপৰতা দেখুৱাই এম্বুলেঞ্চখনত থকা ৰোগী গৰাকীক এম্বুলেঞ্চখনৰ পৰা উলিয়াই আনে। এম্বুলেঞ্চখনৰ কৰ্মী সকলৰ তৎপৰতাত ৰোগী গৰাকীৰ লগতে এম্বুলেঞ্চখনৰ কর্মী সকল ৰক্ষা পৰে।

অগ্নিকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও এম্বুলেঞ্চখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। স্থানীয় একাংশ ৰাইজে অভিযোগ কৰে যে অগ্নিকাণ্ডৰ খবৰ দিয়াৰ পিছতো অগ্নি নিৰ্বাপক বাহিনীৰ দল বহু সময় পিছত ঘটনাস্থলীত উপস্থিত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply