ৰাজ্যত পুনৰ মৰেল পুলিচৰ ঘটনা

ধুবুৰী – ৰাজ্যত পুনৰ সংঘটিত হৈছে মৰেল পুলিচৰ ঘটনা। ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশৰ সীমান্ত অঞ্চলৰ পশ্চিম গাইখোৱাত সংঘটিত হৈছে মৰেল পুলিচৰ ঘটনা। অমানুষিক অত্যাচাৰৰ ফলত চিকিৎসাধীন গাঁওৰক্ষী বাহিনীৰ সম্পাদক।

পশ্চিম গাইখোৱাৰ ৰফিকুল মণ্ডল নামৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক জনে নিজৰ কৰ্তব্য পালন কৰি ঘৰলৈ ওভোতাৰ সময়ত একে গাঁৱৰ মইনুল হক নামৰ এজন লোক গুণ্ডা বাহিনী লৈ অমানুষিক অত্যাচাৰ চলায় ৰফিকুল মণ্ডলৰ ওপৰত। পুৰণি কাজিয়াক কেন্দ্ৰ কৰি মইনুল হকে পৰিকল্পিতভাৱে ৰফিকুল মণ্ডলক টানি চোচৰাই নিজৰ ঘৰলৈ নি হাত ভৰি বান্ধি অমানুষিক অত্যাচাৰ চলাই হত্যাৰ চেষ্টা কৰে।

ঘটনাৰ খবৰ পাই নালিয়া উপ-আৰক্ষী চকীৰ আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হৈ ৰফিকুল মণ্ডলক উদ্ধাৰ কৰি বেৰভাঙী চিকিৎসালয়ত নিয়ে যদিও আঘাত গুৰুতৰ হোৱাত চিকিৎসকে ধুবুৰী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে ৰফিকুল মণ্ডলক। বৰ্তমান ৰফিকুল হক ধুবুৰী অসামৰিক চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে।

ঘটনা সন্দৰ্ভত ৰফিকুল হকৰ পত্নী মুমতাজ বেগমে নালিয়া উপ-আৰক্ষী চকীত এজাহাৰ দাখিল কৰে যদিও এতিয়াও মুকলি আকাশৰ তলত ঘটনাৰ মুল অভিযুক্ত মইনুল হক আৰু তেওঁৰ গুণ্ডা বাহিনী। ঘটনাক কেন্দ্র কৰি সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply