নিউজ ডেক্স: ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ দ্বাৰা নতুন দিল্লীত অনুষ্ঠিত হ’ব লগা “ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱ”ত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছে অসমৰ তিনি যুৱক-যুৱতীয়ে।যোৱা ৩ জানুৱাৰীত অনলাইন মাধ্যমত অনুষ্ঠিত হোৱা ৰাজ্যিক যুৱ সংসদ প্ৰতিযোগিতাত কোকৰাঝাৰৰ নেহা থাপা প্ৰথম,গোলাঘাটৰ দেৱাশীষ সাহাই দ্বিতীয় আৰু কামৰূপ মেট্ৰ’ জিলাৰ ‘প্ৰতিক পাৰমে’ ই তৃতীয় স্থান লাভ কৰিছে।

তিনিওগৰাকী স্থানলাভকাৰীয়ে অহা ১১ জানুৱাৰীত নতুন দিল্লীৰ সংসদ ভৱনত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।উল্লেখ্য যে কোকৰাঝাৰৰ নেহা থাপাই সংসদ ভৱনত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱত অসমক প্ৰতিনিধিত্ব কৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিছে অন্যহাতে,দ্বিতীয় স্থান প্ৰাপ্ত দেৱাশীষ সাহা আৰু প্ৰতিক পাৰমেই প্ৰতিনিধি হিচাপে উক্ত অনুষ্ঠানত উপস্থিত থাকিবলৈ সুযোগ লাভ কৰিছে I

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply