ৰূপহীহাট – ৰূপহীহাটত অবৈধ গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত জব্দ ৪৪ টা গৰুৰ লগতে ১০ চকীয়া ট্ৰাক। পূৰ্বেও আৰক্ষীৰ অভিযানত নগাঁও জিলাত জব্দ হৈছিল বহু চোৰাং গৰু।

শুকুৰবাৰে নিশা নগাঁও জিলাৰ ৰূপহীহাটৰ আৰক্ষীয়ে নগাঁও-লাওঁখোৱা ৰাজ্যিক ঘাইপথত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে এক অভিযান চলায়। আৰক্ষীৰ অভিযানত জিউমাৰিৰ পৰা আহি থকা গৰু ভৰ্তি ১০ চকীয়া ট্ৰাক এখন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনত ৪৪ টা চোৰাং গৰু মজুত আছিল। ট্ৰাকখন জিউমাৰিৰ পৰা ননৈ অভিমুখে গৈ আছিল বুলি জানিব পৰা গৈছে। ৰূপহীহাট আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি নিশা ৰাজপথত তালাচী চলাই এই অবৈধ গৰু কঢ়িয়াই নিয়ে ট্ৰাকখন জব্দ কৰে।

গৰুৰ অবৈধ সৰবৰাহৰ লগত জড়িত থকা ১০ চকীয়া ট্ৰাকখনৰ নম্বৰ হৈছে এএছ-০১-চি-৮৬২৮। আৰক্ষীয়ে ট্ৰাকখনৰ চালকসহ গৰু সৰবৰাহৰ লগত জড়িত অন্য পাঁচজন লোকক আটক কৰিছে। নগাঁও আৰক্ষীয়ে পূৰ্বেও অবৈধ গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply