ক’ভিড১৯ৰ দ্বিতীয়টো ধৌত প্ৰায় ১ কোটি ভাৰতীয় নাগৰিকে তেওঁলোকৰ চাকৰি হেৰোৱাব লগা হৈছে। চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’ন’মি (CMIE)-ৰ মুখ্য কাৰ্য্যবাহী বিষয়া (CEO) গৰাকীয়ে এই সদৰী কৰিছে।
ইয়াৰ উপৰি যোৱা বছৰটোপ তুলনাত এইবছৰ ভাৰতৰ জনসংখ্যাৰ ৯৭ শতাংশ লোক আৰ্থিকভাৱে পিছপৰি গৈছে বুলি তেওঁ কয়।
IndiaSpends –ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত CMIE-ৰ মুখ্য কাৰ্য্যবাহী বিষয়া মহেশ ব্যাসে কয়, ‘২০২১ চনৰ এপ্ৰিলত নিবনুৱা সমস্যাৰ হাৰ ৮ শতাংশ বৃদ্ধি পাইছিল। মে’ মাহত ই ১৪.৭ শতাংশলৈ বৃদ্ধি পায়।‘
লগতে পঢ়ক : ”হেলিকপ্টাৰ পৰ্যটনে কাজিৰঙাৰ শান্তি ব্যাহত কৰিব ”-দিয়া মিৰ্জা
ভাৰতত চাকৰিৰ সংখ্যা কমি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ক’ভিড-১৯ মহামাৰীয়ে তীব্ৰ ৰূপ ধাৰণ কৰাৰ পূৰ্বে দেশত ৪০.৩৫ কোটি চাকৰি আছিল আৰু এতিয়া কমি এতিয়া ৩৯ কোটি হৈছে।
এপ্ৰিলত CMIE-এ এক দেশজুৰি ১.৭৫ লাখ পৰিয়ালৰ ওপৰত জৰীপ চলাইছিল য’ত কেৱল ৩ শতাংশ পৰিয়ালেহে যোৱা এটা বছৰত তেওঁলোকৰ উপাৰ্জন বৃদ্ধি পোৱা সদৰী কৰাৰ বিপৰীতে ৫৫ শতাংশ পৰিয়ালে ক’ভিড মহামাৰীৰ এই সময়খিনিত তেওঁলোকৰ উপাৰ্জন হ্ৰাস পোৱা বুলি জানিবলৈ দিয়ে। ৪২ শতাংশ পৰিয়ালৰ উপাৰ্জন আগৰ দৰে একে আছে।
‘আমি যদি মুদ্ৰাস্ফীতিৰ প্ৰতি মন কৰো এই কথা গম পোৱা যায় যে মহামাৰীৰ কালছোৱাত দেশৰ ৯৭ শতাংশ পৰিয়ালৰ উপাৰ্জন হ্ৰাস পাইছে,’ তেওঁ কয়।
এই তথ্য প্ৰকাশ পোৱাৰ পিছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰক চোকা সমালোচনা কৰে। ‘মহামাৰীক ভালদৰে মোকাবিলা’ কৰিব নোৱাৰাৰ বাবেই দেশৰ ৯৭ শতাংশ পৰিয়ালৰ উপাৰ্জন হ্ৰাস পাই তেওঁ ৰাহুল গান্ধীয়ে মন্তব্য কৰে।