নিউজ ডেস্কঃ কৰোনাৰ দ্বিতীয়টো ঢৌত তীব্ৰ ভাৱে সংক্ৰমিত হৈছে কৰোনা ভাইৰাছ। উদ্বেগজনক ভাৱে ৰাজ্য়ত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্য়া ।

অসমত সোমবাৰৰ দিনটোতে কৰোনাত আক্ৰান্ত হৈছে ৬৩৯৪জন লোক।

অসমৰ ভিতৰত সৰ্বাধিক কৰোনাত আক্ৰান্ত হৈছে কামৰূপ মেট্ৰ’ত। সোমবাৰৰ আবেলিলৈকে কামৰূপ মেট্ৰ’ত সক্ৰিয় ৰোগীৰ সংখ্য়া ১৩০০০জন।

দ্বিতীয়তে কামৰূপ গ্ৰাম্যত ৩৯৮৫জন, নগাঁৱত ২৭৬৭জন, কাছাৰত ২২৮০, শোণিতপুৰত ১৭৯৫জন, তিনিচুকীয়াত ১৭৩৮, দৰঙত ১৬১৬, নলবাৰীত ১৫৯৬, মৰিগাঁৱত ১৫৭৭ গৰাকী আক্ৰান্ত হৈ আছে।

২৪ঘন্টাৰ ভিতৰত অসমত মৃত্যু হৈছে ৯২জন লোকৰ।

ইয়াৰে ভিতৰত কামৰূপ মেট্ৰ’ৰ ২৬জন, কামৰূপ গ্ৰাম্যৰ ১১জন, শোণিতপুৰৰ ৭জন, দৰঙৰ ৬জন, কাছাৰৰ ৫জন, ডিব্ৰুগড়ৰ ৫জন, তিনিচুকীয়াৰ ৫জন, বৰপেটাৰ ৩জন, নগাঁৱৰ ৩জন, নলবাৰী ৩জন, শিৱসাগৰৰ ৬জন, গোলাঘাটৰ ২জন, চৰাইদেউৰ ২জন, হোজাই ২জন, যোৰহাটৰ ২জন, বিশ্বনাথ, বঙাইগাঁও, গোৱালপাৰা, কাৰ্বিআংলং, মৰিগাঁও, দক্ষিণ শালমাৰা আৰু ওডালগুৰিত এজনকৈ লোকৰ মৃত্যু হৈছে।

আৰু পঢ়কঃমহেন্দ্র মােহন চৌধুৰী হাস্পতালৰ ক’ভিড় ৱার্ড পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে

আনহাতে, সোমবাৰৰ দিনটোত কৰোনাত আক্ৰান্ত হৈছে ১১০০জন কামৰূপ মেট্ৰ’ৰ, ৫০২জন কামৰূপ গ্ৰাম্যৰ, ৪৫৯জন ডিব্ৰুগড়ৰ আৰু ৪৩০জন নগাঁৱৰ ।

সোমবাৰৰ দিনটোতে ৰাজ্যত সুস্থ হৈছে ৪৭৩৭জন লোক।

কোৰোনাত আক্ৰান্ত হৈ অসমত চিকিৎসাধীন হৈ আছে মুঠ ৪৪৯৪২জন ৰোগী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,840 other subscribers

Leave a comment

Leave a Reply