গুৱাহাটী : শীঘ্ৰে অসম আৰক্ষীত দিয়া হ’ব বৃহৎ নিযুক্তি। বুধবাৰে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত অসম আৰক্ষীৰ আৰক্ষী অধীক্ষক সন্মিলন এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
কাজিৰঙাৰ কঁহৰাত থকা বৰগছ ৰিজৰ্টত অনুষ্ঠিত বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী শৰ্মাই এটা টুইটাৰ যোগে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।
সেই অনুসৰি অসম আৰক্ষীত ১০ টা বিশেষ কমাণ্ডো বেটেলিয়ন গঠন কৰা হ’ব ইয়াৰ বাবে নতুনকৈ ৩৫ হাজাৰ আৰক্ষী নিযুক্তি দিয়া হ’ব বুলি তেওঁ জনায়। উক্ত ৩৫ হাজাৰৰ ২৩ হাজাৰ হ’ব অসামৰিক আৰক্ষী কৰ্মী আৰু বাকী ১২০০০ কামাণ্ডো।
নিযুক্তি হ’বলগীয়া এই বেটেলিয়ন সমূহক আন্তঃৰাজ্যিক সীমান্ত এলেকা, পাৰ্বত্য জিলা কেইখন আৰু বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলত স্থাপন কৰা হ’ব।
নিজৰ টুইটত মুখ্য মন্ত্ৰীজনে লগতে কয় যে আৰক্ষী কৰ্মীৰ ওপৰত থকা কামৰ বোজা হ্ৰাস কৰিবলৈ থানাসমূহত শ্বিফ্ট ডিউটি আৰম্ভ কৰা হ’ব।
ইয়াৰ উপৰি থানা পৰ্য্যায়ত পুলিচ বিষয়া সকলৰ কামৰ বোজা পাতল কৰাৰ উদেশ্যে ২০০০ নতুন চাব ইনচপেক্টৰ নিযুক্তি দিয়া হ’ব। ৰাজ্যখনত ৭টা ফৰেনছিক লেবৰেটৰী স্থাপন কৰা হ’ব বিশেষকৈ ড্ৰাগছ সংক্ৰান্তীয় গোচৰ সমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে।