আমিনগাঁও : কামৰূপ জিলাৰ বিভিন্ন বিদ্যালয়ৰ পৰা আজি অৱসৰ গ্ৰহণ কৰা ১০ গৰাকী শিক্ষক-কৰ্মচাৰীক জিলাখনৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হয়৷ কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাতে অৱসৰী শিক্ষক-কৰ্মচাৰীসকলক তেওঁলোকৰ প্ৰাপ্য ছুটীৰ বেতন আৰু বীমাৰ ধনৰ অনুমোদন পত্ৰও প্ৰদান কৰা হয়৷

আজি অৱসৰ গ্ৰহণ কৰা শিক্ষক-কৰ্মচাৰীসকল ক্ৰমে হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক বিজয় কুমাৰ মেধি, গনেশ দাস, উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক অনিল চন্দ্ৰ বৈশ্য, আগিয়াথুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষক আব্দুল মকিব আলী, উত্তৰ কামৰূপ আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক আব্দুল গফুৰ, পদুম কুৱৰী, কলেজিয়েট হাই স্কুলৰ সহকাৰী শিক্ষক চৈয়দ খোৰচান আলী, ডেকাপাৰা ছেখাদাৰী আঞ্চলিক এম ই স্কুলৰ প্ৰধান শিক্ষক সিদ্ধেশ্বৰ ৰাভা, প্ৰীতিপুৰ এম ই স্কুলৰ সহকাৰী শিক্ষক ছফিউৰ ৰহমান, ৰামপুৰ হাই স্কুলৰ উচ্চ বৰ্গৰ সহায়ক সাবিত্ৰী বড়ো, ৰঙিয়া মাদ্ৰাছা হাই স্কুলৰ উচ্চ বৰ্গৰ সহায়ক চৈয়দা চুৰীয়া বেগম আৰু বৰছলী হাটখোলা হাই স্কুলৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ইছলামুদ্দিন আহমেদ৷

অৱসৰৰ পিছত পাবলগীয়া ছুটীৰ বেতন আৰু বীমাৰ ধনৰ অনুমোদন পত্ৰ প্ৰদান কৰি দিয়া ভাষণ প্ৰসঙ্গত পৰিদৰ্শক ঠাকুৰীয়াই কয় যে দেশৰ ভৱিষ্যত গঢ়াৰ সেৱাত অৱতীৰ্ণ হৈ থকা জিলাখনৰ শিক্ষক-কৰ্মচাৰীসকলৰ অৱসৰৰ মুহূৰ্ততে জিলা কৰ্তৃপক্ষৰ ফালৰ পৰা প্ৰদান কৰিব পৰা প্ৰাপ্যখিনি আদায় দিয়াৰ বাবে ২০১৯ বৰ্ষৰ পৰাই কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰি অহা হৈছে৷ চলিত মাহত অৱসৰ গ্ৰহণ কৰা শিক্ষক-কৰ্মচাৰীসকলৰ বাবেও একেই তৎপৰতাৰে কাৰ্য সম্পাদন কৰি আজি অৱসৰৰ দিনটোতে তেওঁলোকৰ প্ৰাপ্য আদায় দিবলৈ পাই আনন্দিত হোৱাৰ উপৰি আগলৈও এই ধাৰা অব্যাহত ৰাখিব বুলিও তেওঁ উল্লেখ কৰে৷ আনহাতে শৈক্ষিক উন্নয়ন প্ৰক্ৰিয়াত অধিক গতি প্ৰদান কৰাৰ লক্ষ্যৰে কামৰূপ জিলাত আৰম্ভ কৰা ‘অৱসৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ শিক্ষামূলক স্বেচ্চাসেৱা’ চমুকৈ ভেস্পা কাৰ্যসূচীৰ অধীনত অভিজ্ঞাৰে পুষ্ট অৱসৰী শিক্ষকসকলক সেৱা আগবঢ়াবৰ বাবে আগবাঢ়ি আহিবলৈও তেওঁ অনুৰোধ জনায়৷

লগতে পঢ়ক : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰম্ভ হ’ল বড়ো মাধ্যমৰ পাঠদান

এনেদৰে সভা পাতি আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা আৰু প্ৰাপ্য ধনৰ অনুমোদন পত্ৰ প্ৰদান কৰাৰ পদক্ষেপ লোৱাৰ বাবে সভাত বিদায়ী শিক্ষক-কৰ্মচাৰীসকলে একেমুখে পৰিদৰ্শকগৰাকীৰ শলাগ লয়৷ আনহাতে অৱসৰৰ লগে লগে নিয়মীয়া পেন্সন প্ৰদানৰ বাবে ৰূপায়ণ কৰা ‘কৃতজ্ঞতা’ আঁচনিখনৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকো তেওঁলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে৷ সভাত কামৰূপ জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া মঞ্জু ৰাণী ডেকাৰ লগতে জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা পৰিদৰ্শক কাৰ্যালয়ৰ কৰ্মচাৰীসকল উপস্থিত থাকে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply