আমিনগাঁও : প্ৰতিদিনে ১ কোটি প্ৰতিষেধক প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা লক্ষ্যত উপনীত হ’বলৈ অসমৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৩ লাখ আৰু এই লক্ষ্যত উপনীত হ’বলৈ কামৰূপ জিলাৰ সীমা হৈছে ১০ হাজাৰ। কামৰূপ জিলা উপায়ুক্তই প্ৰকাশ কৰিছে এই তথ্য। আজিৰ পৰা ৰূপায়ণ কৰিবলগীয়া বৃহৎ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ প্ৰস্তুতি সম্পৰ্কত বুজ লোৱাৰ অৰ্থে দেওবাৰে কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত।
পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কামৰূপ জিলাৰ ক’ভিড ব্যৱস্থাপনা পদ্ধতি যুগুতাই লওতে জিলাখনৰ বিভিন্ন ঠাইৰ পৰিৱেশ-পৰিস্থিতিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। সেইবাবে প্ৰতিৰোধী ব্যৱস্থা ফলপ্ৰসূ হৈছে। প্ৰতিষেধকৰ উপলব্ধতা সম্পৰ্কে ব্যক্ত কৰি মন্ত্ৰীগৰকীয়ে লগতে কয় যে প্ৰথম অৱস্থাত ইয়াৰ কিছু অভাৱ আছিল যদিও এতিয়া পৰ্যাপ্ত পৰিমাণে বিনামূলীয়া প্ৰতিষেধক লাভ কৰা হৈছে আৰু এতিয়া মাথো পৰিকল্পিতভাৱে দক্ষতা আৰু নিষ্ঠাৰে এই কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিষেধক প্ৰদানৰ মহা অভিযান সফল কৰিব লাগে।
সভাৰ আৰম্ভণিতে উপায়ুক্ত কৈলাশ কাৰ্তিকে জিলাখনৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভত বিশদ ব্যাখ্যা দাঙি ধৰে। তেওঁ কয় যে জিলাখনত প্ৰথম আৰু দ্বিতীয় ঢৌ মিলি এতিয়ালৈ ২৩,৮৬৭ গৰাকী ক’ভিড ৰোগী চিনাক্ত হোৱাৰ বিপৰীতে ২২,৩১৩ গৰাকী ৰোগী সুস্থ হৈ উঠিছে। আনহাতে ৩৬৪ গৰাকী ৰোগী মৃত্যুমুখত পৰিছে। জিলাখনত এতিয়ালৈ মুঠ ৬,২৮,০৯৬ গৰাকী লোকৰ ক’ভিড পৰীক্ষাসম্পন্ন কৰা হৈছে। দেওবাৰৰ দিনটোত ৬,৪৬৭ গৰাকী লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছে। ইয়াৰ ভিতৰত ১২৮ গৰাকী পজিটিভ পোৱা গৈছে। জিলাখনত স্থাপন কৰা ৩৫০ টা প্ৰতিষেধক কেন্দ্ৰৰ জৰিয়তে এতিয়ালৈ মুঠ ৩,২০,৬০৭ গৰাকী লোকক এই ছিটা প্ৰদান কৰা হৈছে।
আনহাতে দেওবাৰে ২,৬৬০ গৰাকী লোকক প্ৰতিষেধক ছিটা প্ৰদান কৰা হৈছে। ইয়াৰ উপৰি জিলাখনত গৃহ আছুতীয়াকৰণৰ বাবে লোৱা ব্যৱস্থা, প্ৰাতিষ্ঠানিক আছুতীয়াকৰণ, চিকিৎসা ব্যৱস্থা, চিকিৎসা সম্পৰ্কীয় আন্তঃগাঁথনি, সজাগতা অভিযান আৰু সোমবাৰৰ পৰা ৰূপায়ণ কৰিবলগীয়া বৃহৎ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কেও উপায়ুক্তগৰাকীয়ে বিস্তৃত ব্যাখ্যা দাঙি ধৰে। উল্লেখযোগ্য যে বৃহৎ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ বাবে ১১১ টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন কৰা হৈছে।
লগতে পঢ়ক : মাঞ্জাত যাত্ৰীবাহী বাছৰ পৰা বুজন পৰিমানৰ গাঞ্জা জব্দ : গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী
সভাত কামৰূপ জিলাৰ অন্তৰ্গত বিধানসভা সমষ্টিকেইটাৰ বিধায়ক বৰ্গ উপস্থিত থাকি জিলা প্ৰশাসন তথা স্বাস্থা বিভাগে ক’ভিড প্ৰতিৰোধৰ বাবে লোৱা ব্যৱস্থাৰ ক্ষেত্ৰত সন্তুষ্টি ব্যক্ত কৰি নিৰ্মাণ আধৰুৱা হৈ থকা আন্তঃগাঁথনি সম্পূৰ্ণ কৰা আৰু খালী পদ পূৰণৰ ক্ষেত্ৰত ব্যৱস্থা ল’বলৈ মন্ত্ৰী কেশৱ মহন্তক অনুৰোধ জনায়। মন্ত্ৰীগৰাকীয়ে স্বাস্থ্য বিষয়া আৰু বিধায়কসকলৰ অনুৰোধসমূহ এবছৰৰ ভিতৰত সম্পন্ন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। পৰ্যালোচনা সভাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক ডঃ এছ লক্ষ্মণন, স্বাস্থ্য বিভাগৰ সঞ্চালক মুনীন্দ্ৰ নাথ নাতে, জিলা প্ৰশাসনৰ বিষয়াবৰ্গ আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়াবৰ্গ উপস্থিত থাকে।