নিউজ ডেস্ক : শুকুৰবাৰে বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদৰ বিভিন্ন স্থানৰ পৰা নৱ গঠিত বিদ্ৰোহী গোট ইউ এল বিৰ ১০ জনকৈ সদস্যক গ্ৰেপ্তাৰ কৰা হয়।

অসম আৰক্ষীৰ সূত্ৰই জনোৱা মতে গ্ৰেপ্তাৰ কৰা সকলৰ ভিতৰত সংগঠনটোৰ স্ব-ঘোষিত জিলা কমাণ্ডাৰ ৰিংখাং বসুমতাৰীয়ো আছে। তেওঁক চিৰাং জিলাৰ পৰা আৰক্ষী আৰু চি আৰ পি এফ বাহিনীয়ে চলোৱা এক যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

তেওঁলোকৰ কবলৰ পৰা ১২ টা মোবাইল ফোন, ২১ খন ধন দাবী পত্ৰ, এটা হেণ্ড গ্ৰেণেডৰ লগতে বহু আপত্তিজনক নথি পত্ৰ জব্দ কৰা হয়।

উল্লেখযোগ্য যে যোৱা ১৮ ছেপ্টেম্বৰত কোকৰাঝাৰ জিলাৰ উল্টাপানীত দুজন সন্দেহযুক্ত ইউ এল বি উগ্ৰপন্থীৰ দুজন সদস্যক গুলীয়াই হত্যা কৰা হৈছিল। উক্ত যুৱক দুজনক আৰক্ষীৰ দ্বাৰা ফে’ক একাণ্টাৰ কৰা হয় বুলি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

লগতে পঢ়ক : আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া বাহাৰুল ইছলাম

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply